ETV Bharat / state

Army jawan missing: ৰহস্যজনকভাৱে সন্ধানহীন ফিল’বাৰীৰ সেনা জোৱান বিতুপন মেচ

author img

By

Published : Feb 26, 2023, 12:26 PM IST

ভাৰতীয় সেনাত কৰ্মৰত ফিল’বাৰীৰ এগৰাকী জোৱান নিৰুদ্দেশ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ (Army personnel missing) ৷ জম্মু-কাশ্মীৰলৈ কৰ্মত যোগদানৰ বাবে গৈ নতুন দিল্লীত উপস্থিত হোৱাৰ পাচৰে পৰা সন্ধানহীন হৈ পৰে বিতুপন মেচ নামৰ যুৱকজন ৷ 22 ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে বিতুপন মেচ ৷

Army jawan missing
ৰহস্যজনকভাৱে সন্ধানহীন ফিল’বাৰীৰ সেনা জোৱান বিতুপন মেচ

তিনিচুকীয়া, 26 ফেব্ৰুৱাৰী: ভাৰতীয় সেনাবাহিনীত কৰ্মৰত তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ যুৱক দিল্লীৰ পৰা সন্ধানহীন ৷ জম্মু-কাশ্মীৰৰ কৰ্মস্থলীলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন ৷ সন্ধানহীন যুৱকজনক ভাৰতীয় সেনা বাহিনীৰ অসম ৰেজিমেন্টত কৰ্মৰত বিতুপন মেচ (Army personnel missing) ৷

উল্লেখ্য যে, 22 ফেব্ৰুৱাৰীত ফিল’বাৰীৰ স্ব-গৃহৰ পৰা জন্মু-কাশ্মীৰলৈ কৰ্মত পুনৰ যোগদানৰ বাবে বিমানযোগে গৈছিল বিতুপন মেচ ৷ ডিব্ৰুগড় বিমান বন্দৰৰ পৰা দিল্লীলৈ গৈ থকাৰ প্ৰাক-মূহুৰ্তত মাতৃ-পত্নীৰ সৈতে ভিডিঅ’ ক’ল যোগেও কথা পাতিছিল বিতুপনে । কিন্তু দিল্লীৰ পৰা জম্মু-কাশ্মীৰলৈ যোৱা গাড়ী বিচাৰি এখন সৰু বাহনত উঠাৰ পাচৰে পৰা পৰিয়ালৰ সৈতে বিতুপনৰ যোগাযোগ নোহোৱা হয় (Philobari Army jawan missing case)।

পৰিয়ালৰ লোকে বিতুপনৰ সৈতে যোগাযোগ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে যদিও বৰ্তমানলৈকে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই ৷ কৰ্মস্থলীলৈ যোৱা বিতুপন সন্ধানহীন হৈ পৰা ঘটনাই এতিয়া ফিল’বাৰীত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ কিন্তু লক্ষ্যনীয় কথাটো হ’ল যে, বিতুপনে ডিব্ৰুগড়ৰ পৰা বিমানযোগে দিল্লীলৈ যোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল যদিও ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত বিতুপন মেচৰ কোনো বিৱৰণ নাই বুলি বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱাৰ পাচত সৃষ্টি হৈছে অধিক ৰহস্যৰ (Army jawan Bitupon Mech missing) ৷

আনহাতে, বিতুপন মেচে কিবা অসুবিধাত পৰা বুলি শীৰ্ষ বিষয়াক অৱগত কৰা বুলিও সেনা বাহিনীৰ বিষয়াৰ পৰা জানিব পাৰিছে পৰিয়ালে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে স্থানীয় ফিল'বাৰী আৰক্ষী থানাত বিতুপনৰ নিৰুদ্দেশ সন্দৰ্ভত দাখিল কৰিছে এখন এজাহাৰ ৷ কিন্তু বিতুপন মেচৰ কোনো শুং-সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী (Tinsukia Army jawan went missing) ৷

উল্লেখ্য যে, বিতুপন মেচৰ পিতৃ পদ্মেশ্বৰ মেচ কিছুদিন পূৰ্বে এক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল । এই খবৰ লাভ কৰিয়েই 24 জানুৱাৰীত ঘৰলৈ আহিছিল বিতুপন ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বিতুপনৰ পিতৃৰ ৷ বৰ্তমান বিতুপনৰো সন্ধান লাভ নকৰি দিকবিদিক হেৰুৱাইছে মাতৃ কুঞ্জলতা মেচৰ লগতে বিতুপনৰ পত্নীয়ে (Assam Army jawan missing from Delhi) ৷

যাৰ বাবে এতিয়া পৰিয়ালৰ লোকে আৰক্ষীৰ লগতে সেনা বাহিনীকো তদন্ত কৰি বিতুপনৰ সন্ধান উলিয়াবলৈ আহ্বান জনাইছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ব্যৱস্থা গ্ৰহণৰ আহ্বান পৰিয়ালৰ লোককৰ ৷

লগতে পঢ়ক: Drugs paddler arrested: তিনিচুকীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.