তিনিচুকীয়া, 11 এপ্ৰিল : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সোমবাৰৰ বিয়লি তিনিচুকীয়া সদৰ আৰক্ষী থানাত তিনিচুকীয়া আৰক্ষীয়ে এখন সজাগতামূলক সভাৰ আয়োজন কৰে ৷ ড্ৰাগছ বিৰোধী মঞ্চৰ সদস্য জয়ন্ত বৰুৱাই সভাপতিত্ব কৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁয়ে ৷
এই সভাতে পৰাগজ্যোতি বুঢ়াগোহাঁয়ে মাৰাত্মক ড্ৰাগছে যুৱ প্ৰজন্মক একেবাৰে পংগু কৰি পেলাইছে বুলিও উল্লেখ কৰে ৷ আৰক্ষীয়ে যিমান পাৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজি আহিছে যদিও এই যুঁজখনত ৰাইজৰ সহযোগিতা অবিহনে আৰক্ষীয়ে অকলে সফলতা লাভ কৰিব নোৱাৰে বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে (Drugs awareness meeting in Tinsukia) ৷
এই সজাগতা সভাখনত তিনিচুকীয়া জিলাৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই ড্ৰাগছ বিৰোধী যুঁজখনত ৰাইজৰ সহযোগিতা আশা কৰি কয় যে বৰ্তমান সকলোতকৈ লাভজনক ব্যৱসায় ব্যৱসায় হিচাপে চিনাক্ত হৈ আহিছে এই বৰবিহ বিধ ৷ গতিকে সৰবৰাহকাৰীসকলে ধনৰ লোভ দি বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী হিচাপেও ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷
ড্ৰাগছ আসক্তসকলে ড্ৰাগছৰ বাবে নিজ মাতৃ-পিতৃকো হত্যা কৰিছে বুলি উল্লেখ কৰাৰ লগতে ড্ৰাগছ আসক্ত বহুতৰ দেহত এইড্ছ ৰোগৰ উপস্থিতি পৰিলক্ষিত হয় ৷ এই কথা উল্লেখ কৰে তিনিচুকীয়া জিলাৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই (Deputy Superintendent of Police of Tinsukia) ৷
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহায়ে এই সভাখনত উপস্থিত থাকি ড্ৰাগছ বিৰোধী অভিযানত তিনিচুকীয়া আৰক্ষীক প্ৰতিটো মুহূৰ্ততে সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ, চেম্বাৰ্চ অফ কমাৰ্চৰ সভাপতিকে আদি কৰি কেইবাগৰাকীও ব্যক্তিয়ে বিষয়টো সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷
সজাগতামূলক উক্ত সভাখনত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ লগতে চহৰ পৰিদৰ্শক ভাস্কৰজ্যোতি বৰুৱা, ড্ৰাগছ বিৰোধী মঞ্চ, তিনিচুকীয়া জিলা আছু, নেচনেল চেম্বাৰ্চ অফ কমাৰ্চৰ নেতৃত্ব, সংবাদকৰ্মী, গাঁও সুৰক্ষা বাহিনীৰ উপৰিও বহুসংখ্যক সচেতন ব্যক্তি উপস্থিত থাকে (Tinsukia sadar police station) ৷
লগতে পঢ়ক : Road accident in Chabua: চাবুৱাত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনি মহিলা শ্ৰমিকে