তিনিচুকীয়া, 4 এপ্ৰিল : পুনৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বাধীন)ত যোগদান কৰা দেখা গৈছে ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে ৷ শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৩নং ৰামপুৰ গাঁৱৰ এজন যুৱকৰ আলফা স্বাধীনত যোগদান ( Tinisukia youth joinned ULFA I) ।
জানিব পৰা মতে, যুৱকজনৰ নাম সমীৰণ চেতিয়া (২০) ৷ যোৱা ১৪মাৰ্চ তাৰিখৰ পৰা সন্ধানহীন হৈ আছিল যুৱক জন । এজন সমনীয়াৰ লগত ঘৰৰ পৰা শিৱসাগৰলৈ ফুৰিবলৈ বুলি ওলাই গৈছিল যোৱা ১৪ তাৰিখে ।
শেহতীয়াকৈ সেনা আৰক্ষীৰ অনুসন্ধানত যুৱকজনে আলফা স্বাধীনত যোগদান কৰা বুলি জানিব পৰা গৈছে । ২০২০ চনতো NSCN( IM)ত যোগদান কৰি কিছুদিনৰ পিছত আত্মসমৰ্পণ কৰিছিল এই যুৱকজনে ।
লগতে পঢ়ক : Suspected Maoist Detain: মাওবাদীৰ সন্দেহত কৰিমগঞ্জত আটক স্বামী-স্ত্ৰী