ETV Bharat / state

Corruption in PMAY scheme : ফিল’বাৰীত PMAY গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Mar 19, 2023, 7:06 PM IST

ৰাজ্যত আকৌ দুৰ্নীতি (Corruption in Assam) ৷ এইবাৰ দুৰ্নীতিৰ ছবি প্ৰতিফলিত হৈছে তিনিচুকীয়া জিলাৰ ফিল’বাৰীত ৷ ফিল’বাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Corruption in PMAY scheme in Tinsukia) ৷

Corruption in PMAY scheme
PMAY নিৰ্মাণত দুৰ্নীতি

PMAY নিৰ্মাণত দুৰ্নীতি

তিনিচুকীয়া, ১৯ মাৰ্চ : ৰাজ্যত ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহৰ নিৰ্মাণৰ কাম (Corruption in PMAY scheme) ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণত যাতে কোনে দুৰ্নীতি নহয়, সঠিকভাৱে যাতে নিৰ্মাণ হয় তাৰ কাৰণে জিলা প্ৰশাসনে চোকা দৃষ্টি ৰখাৰ লগতে মন্ত্ৰী, বিধায়কেও পৰিদৰ্শন কৰি আহিছে কাম-কাজ ৷

কিন্তু তাৰ মাজতো একাংশ সুবিধাবাদী লোকে এইসমূহ দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ নিৰ্মাণত কৰি আহিছে বিয়াগোম কেলেংকাৰী ৷ যাৰ ফলত এটি সপোনৰ বাসগৃহ লাভ কৰাত বাধাৰ সন্মুখীন হ’ব লগাত পৰিছে হিতাধীকাৰীসকল ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ গাভৰুভেঁটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ পদুমপথাৰ মইলা পুঙত প্ৰধানমন্ত্ৰীৰ সপোনৰ গৃহ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহত ব্যাপক অনিয়মৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Corruption in PMAY scheme in Tinsukia) ।

অভিযোগ অনুসৰি, পদুমপথাৰ মইলা পুং গাঁৱৰ বিৰচা কিষাণ আৰু বান্ধু কিষাণে এটা বছৰ আগতে লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটি আৱাসগৃহ । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীয়ে নিজেই নিৰ্মাণ কৰিব লাগে যদিও গৃহ লাভ কৰা দুদিনৰ পিচত বিজেপিৰ দলৰ নেতা গৈ ওলাইছিল বিৰচা কিষাণ আৰু বান্ধু কিষাণৰ ঘৰত ৷

বিৰচা কিষাণ আৰু বান্ধু কিষাণে উল্লেখ কৰা অনুসৰি, বিজেপিৰ দলৰ সদস্য কেইজনে কয়, ‘‘আপোনালোকৰ আৱাস গৃহ আহিছে আমি ঠিকাদাৰ হিচাপে কাম কৰিম’’ । তাৰ পাচতে সহজ সৰল ব্যক্তি দুজনে দায়িত্ব গতাই দিয়ে ঠিকাদাৰ জনৈক ৰেগনক । কিন্তু ঠিকাদাৰ জনৈক ৰেগনে কাম সম্পূৰ্ণ নকৰাকৈ উলিয়াই লৈ গ’ল ১ লাখ ৩০ হাজাৰ টকা । এই অভিযোগ হিতাধিকাৰী বিৰচা কিষাণ আৰু বান্ধু কিষাণৰ ৷

লগতে হিতাধিকাৰী বিৰচা কিষাণ আৰু বান্ধু কিষাণে অভিযোগ কৰে যে যিখিনি নিৰ্মাণ কৰিলে সেয়াও অতিকৈ নিম্নমানৰ । বাসগৃহ কেইটাৰ এতিয়াও ৩০% কাম বাকি আছে ৷ ঘৰকেইটাৰ টিনপাতো চুটি ৷ লগতে প্ৰয়োজনতকৈ কম টিনপাত লগোৱাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ঘৰ কেইটাৰ ভিতৰত সোমাই পানী ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে নিৰ্মীয়মান দুয়োটা ঘৰেই প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ যি চৰকাৰী নক্সা তাৰ সম্পূৰ্ণ পৃথক ।

উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে দুই হিতাধিকাৰীয়ে গৃহ নিৰ্মাণত জড়িত ঠিকাদাৰৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায় ৷ লগতে গৃহকেইটা সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায় । অৱশ্যে পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Hunt for Amritpal Singh: ২০ মাৰ্চলৈ পঞ্জাৱত ইণ্টাৰনেট আৰু এছএমএছ সেৱা বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.