ETV Bharat / state

তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

author img

By

Published : Aug 9, 2021, 9:23 PM IST

মটক জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভুক্তিকৰণেৰে সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ সাব্যস্ত ৷ চৰকাৰক অনতি পলমে দাবী সমূহ পূৰণ কৰাৰ আহ্বান প্ৰতিবাদকাৰী সকলৰ ৷

all-assam-matak-yuba-chatra-sanmilani-protest-in-tinsukia
তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

তিনিচুকীয়া, 9 আগষ্ট : ৰাজ্যত অব্যাহত থকা ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে সোমবাৰে তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন,তিনিচুকীয়া জিলা সমিতিয়ে ৷ মূলতঃ মটক জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভুক্তিকৰণেৰে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

এই দুই মূল দাবীৰ লগতে মটক জনগোষ্ঠীৰ বিশেষ উন্নয়নৰ শিতানত ঘোষণা কৰা 125 কোটি টকাৰ আৰ্থিক পেকেজ মোকোলাই দিয়া, বানপানী-গৰাখহনীয়া সমস্যাৰ স্থায়ী সামাধান কৰা, নিবনুৱা সমস্যাৰ সামাধান কৰা, ঐতিহাসিক কীৰ্তিচিহ্ন বেদখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷ চৰকাৰে শীঘ্ৰেই এই সমূহ দাবী পূৰণ নকৰিলে অনাগত দিনত ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হংকাৰ দিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃ জাৰি হ'ল নতুন SOP: শিথিল হ'ল সান্ধ্য আইনৰ সময়

প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, কেন্দ্ৰীয় সমিতিৰ সম্পাদক স্বৰূপ গোহাঁয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, মটকসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ জন্মলগ্নৰে পৰা দাবী জনাই আহিছে ৷ কিন্তু বিষয়টোত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা নাই ৷

উল্লেখ্য যে, বিজেপিৰ বিগত 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আছিল অহা 90 দিনৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতি কৰণ কৰা হ'ব ৷ কিন্তু আজি পৰ্যন্ত এই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ বিজেপিৰ সেই প্ৰতিশ্ৰুতি যেন কেৱল প্ৰতিশ্ৰুতিয়ে হৈয়ে ৰ'ল ৷ যাৰ বাবে সংগঠনটোৱে বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ৷ কিন্তু তথাপি যেন সেই প্ৰতিবাদকো গুৰুত্ব দিবলৈ সময় নাই বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ৷

লগতে পঢ়কঃ শিৱসাগৰত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বচাও দিৱস

আনহাতে বৰ্তমান একাংশই দখল কৰি থকা মটক সকলৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ অতি সোনকালে বেদখলমুক্ত কৰি সংৰক্ষণ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷ লগতে শিক্ষা,নিবনুৱা, বান-গৰাখহনীয়া আদি সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ৷

লগতে পঢ়ক : নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ সৈতে কি আলোচনা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.