ETV Bharat / state

তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ প্ৰদৰ্শন - নাগৰিকত্ব সংশোধনী আইন

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। পৰিৱেশিক নিৰূপক প্ৰভাৱ অধিসূচনা খচৰা ২০২০ বাতিলৰো দাবী জনায় সংগঠনটোৱে।

তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ প্ৰদৰ্শন

author img

By

Published : Nov 3, 2020, 4:32 PM IST

তিনিচুকীয়া, ৩ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত মঙলবাৰে ৩টাকৈ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। তিনিচুকীয়াতো সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত বিক্ষোভ প্ৰদৰ্শন কৰে।

নাগৰিকত্ব সংশোধনী আইন, পৰিৱেশিক নিৰূপক প্ৰভাৱ অধিসূচনা খচৰা ২০২০ বাতিল আৰু অসমত আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনত দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্ভুক্ত তিনিচুকীয়া, মাকুম,বৰডুবি আঞ্চলিক সমিতিকে ধৰি ১৪ খন আঞ্চলিকৰ প্ৰায় ৫ শতাধিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে জিলা উপয়ুক্ত কাৰ্যলয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক:নিশা ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.