ETV Bharat / state

AJYCP protest in Tinsukia:ইংৰাজীত পাঠদান বাতিলৰ দাবীত AJYCP ৰ ধৰ্মঘট

author img

By

Published : Jun 14, 2023, 3:31 PM IST

ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নাই স্থায়ী প্রধান শিক্ষকৰ পদ । আনহাতে,অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজীত পাঠদানৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণৰ পিচৰে পৰাই আৰম্ভ হৈছে প্ৰতিবাদ ।

AJYCP demand foe recruitment of Headmaster
অসম জাতীয়াতাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

তিনিচুকীয়া, ১৪ জুন: অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজীত পাঠদান বাতিল আৰু প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদত নিযুক্তি কৰাৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদানৰ সিদ্ধান্তক অসম জাতীয়াতাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছে ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সোণমণি চলিহাই কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'লে অনাগত সময়ত অসমীয়া ভাষাটোলৈ গভীৰ সংকট নামি আহিব । ছাত্ৰ-ছাত্ৰীক উচ্চমানৰ ইংৰাজী শিক্ষা প্ৰদান কৰাটোত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কোনো দ্বিমত নাই বুলি উল্লেখ কৰি কয় যে ইংৰাজী শিক্ষা প্ৰসাৰৰ নামত অসমীয়া ভাষাটোক দুৰ্যোগৰ মাজলৈ ঠেলি দিয়া কাৰ্য কেতিয়াও সমর্থন যোগ্য নহয় । সেয়েহে সংগঠনটোৱে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে ।

তেওঁ পুনৰ কয় যে, ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত দেশৰ স্বাধীনতাৰ পিছৰে পৰা স্থায়ী প্রধান শিক্ষক পদৰ কোনো ব্যৱস্থা নাই । তেনেদৰে সুদীর্ঘকাল ধৰি ৰাজ্যৰ চৰকাৰী প্রাথমিক বিদ্যালয় সমূহ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আহিছে । তাৎপর্যপূৰ্ণ বিষয় যে বিগত চাৰিটা দশকৰো অধিক কাল ধৰি ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্রধান শিক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি দিয়াৰ দাবীত অসমৰ প্ৰাথমিক শিক্ষক সকলে দাবী জনাই আন্দোলন চলাই আহিছে । কিন্তু পৰিতাপৰ বিষয় যে বিগত সময়ত কোনো এখন চৰকাৰেই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ এই সমস্যাটো সমাধানৰ প্রয়াস নকৰিলে ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সুস্থ শৈক্ষিক বাতাবৰণ গঢ়ি তোলাৰ স্বাৰ্থত অনতিবিলম্বে ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্রধান শিক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে । ইয়াৰ পিচতেই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সোণমণি চলিহা আৰু সাধাৰণ সম্পাদক কাঞ্চন বৰা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় । যদি এই দাবীসমূহ শীঘ্ৰে সমাধান নহয় তেন্তে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

লগতে পঢ়ক:Flood in Assam: নীতিবৰ্হিভূতভাৱে নলা আৱদ্ধ কৰাৰ বাবেই পানীৰ তলত বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.