ETV Bharat / state

CAA বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত ফিল'বাৰী AJYCPৰ মানৱ শৃংখল - ফিল'বাৰী AJYCP

এই প্ৰতিবাদী কাৰ্যসূচীতে প্ৰতিবাদ কাৰী সকলে ফিল'বাৰী-ডুমডুমা সংযোগী বিধ্বস্ত ঘাইপথ অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ কৰি নিৰ্মাণৰ ব্যৱস্থা কৰা, ফিল'বাৰী অঞ্চলৰ বনাঞ্চল সমুহত চলি থকা অবাধ বন ধ্বংস কাৰ্য ৰোধ কৰাৰ লগতে ফিল'বাৰী অঞ্চলৰ বিভিন্ন সমস্যা সমাধান দাবী উত্থাপন কৰে ৷

AJYCPৰ মানৱ শৃংখল
AJYCPৰ মানৱ শৃংখল
author img

By

Published : Aug 9, 2020, 8:19 PM IST

ডুমডুমা, 9 আগষ্টঃ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত তিনিচুকীয়াৰ ফিল'বাৰীত দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷ গাভৰুভেটি গাওঁ পঞ্চায়তৰ সন্মূখত গ্ৰহণ কৰা উক্ত মানৱ শৃংখল কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলৰ লগতে আছু,মৰাণ ছাত্ৰ সন্থা,গোৰ্খা ছাত্ৰ সন্থা,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি সংগঠনে সহযোগ আগবঢ়ায় ৷ মানৱ শৃংখল কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণ,জিলা উপদেষ্টা নৰেন্দ্ৰ শইকীয়া,আঞ্চলিক সভাপতি সদানন্দ দাস,সম্পাদৰ মুকুল মেধি আদিয়ে বক্তব্য আগবঢ়ায় ৷

ফিল'বাৰী AJYCPৰ মানৱ শৃংখল

এই প্ৰতিবাদী কাৰ্যসূচীতে প্ৰতিবাদকাৰীসকলে ফিল'বাৰী-ডুমডুমা সংযোগী বিধ্বস্ত ঘাইপথ অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ কৰি নিৰ্মাণৰ ব্যৱস্থা কৰা,ফিল'বাৰী অঞ্চলৰ বনাঞ্চল সমুহত চলি থকা অবাধ বনধ্বংস কাৰ্য ৰোধ কৰাৰ লগতে ফিল'বাৰী অঞ্চলৰ বিভিন্ন সমস্যা সমাধান দাবী উত্থাপন কৰে ৷

নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে EIA খচৰা বাতিল কৰা তথা কৃষক নেতা অখিল গগৈক মুক্তি নিদিয়া পৰ্যন্ত যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু পাচলৈ ই আইনত ৰূপায়ন হোৱাৰ সময়লৈ অখিল গগৈয়ে এই আইনৰ বিৰুদ্ধে হোৱা গণ আন্দোলনৰ অন্যতম গুৰিধৰোতা আছিল ৷ সেই সময়তে কৃষক নেতাজনক প্ৰথমে অসম আৰক্ষীয়ে আৰু পাচলৈ ৰাষ্টীয় অনুসন্ধান শাখাই মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে ৷ প্ৰায় সাত মাহ উকলি যোৱাৰ পাচতো কৃষক নেতাগৰাকীয়ে লাভ কৰা নাই জামিন ৷ সেয়ে বিগত কেবাদিনো ধৰি তেওঁৰ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত হৈ আহিছে ৷ উল্লেখ্য যে,একেটা গোচৰতে অভিযুক্ত সংগঠনটোৰ আন দুগৰাকী নেতা বিতু সোণোৱাল আৰু ধৈয্য কোঁৱৰে ইতিমধ্যে জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷

শুকুৰবাৰে নিয়াৰ আদালতত অখিল গগৈৰ জামিনৰ শুনানি আছিল আৰু এই শুনানিত নিয়াৰ আদালতে পুনৰবাৰ খাৰিজ কৰে কৃষক নেতাজনৰ জামিন আবেদন ৷ সেয়ে বৰ্তমানলৈ কৃষকনেতাজনৰ মুকলি আকাশৰ তললৈ অহাৰ পথ ৰুদ্ধ হৈ পৰিছে ৷

লগতে পঢ়কঃ ঢালিগাঁও গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক অনিয়ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.