ETV Bharat / state

Death of leopard: শ্ৰীকৃষ্ণ চাহ বাগিছাত একেলগে দুটা নাহৰফুটুকীৰ মৃতদেহ - Leopards found dead in Digboi

তিনিচুকীয়াৰ ডুমডুমাত দুটাকৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ (Leopards found dead in Digboi) ৷ নাহৰফুটুকী দুটাই নিজৰ মাজতে যুঁজ বাগৰ কৰি মৃত্যুক সাৱটি লোৱা বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ।

Leopard dead body recued at Digboi
শ্ৰীকৃষ্ণ চাহ বাগিছাত একেলগে দুটা নাহৰফুটুকীৰ মৃতদেহ
author img

By

Published : Mar 8, 2022, 4:13 PM IST

তিনিচুকীয়া, 8 মাৰ্চ: তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ নাজিৰাটিং খণ্ড বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এখন ব্যক্তিগত চাহ বাগিচাত মঙলবাৰে দুটাকৈ নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে (Leopards found dead in Digboi)। পুৱাৰ ভাগত চাহ বাগিচাৰ শ্ৰমিকে পাত তুলি থাকোতে মৃত বাঘ দুটা প্ৰত্যক্ষ কৰে ।

শ্ৰীকৃষ্ণ চাহ বাগানৰ দুটা পৃথক পৃথক নলাত প্ৰায় ৬ -৭ বছৰ বয়সৰ দুটা নাহৰফুটুকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক অৱগত কৰে (Death of leopard)। ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ মৃত নাহৰফুটুকীটো দুটা নিজৰ মাজত যুঁজ বাগৰ কৰিয়েই মৃত্যুক সাৱটি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহি এইদৰে পূৰ্বতেও কেইবাটাও নাহৰফুটুকী বাঘৰ মৃত্যু হোৱাৰ কথা সদৰি কৰিলে স্থানীয় ৰাইজে ।

শ্ৰীকৃষ্ণ চাহ বাগিছাত একেলগে দুটা নাহৰফুটুকীৰ মৃতদেহ

এচাম চাহ খেতিয়কে সংৰক্ষিত বনাঞ্চলসমূহ কাটি তহিলং কৰি চাহ বাগান স্থাপন কৰাৰ ফলত বনাঞ্চলসমূহ সংকুচিত হৈ অহাত বন্যপ্ৰাণী, জীৱ-জন্তুসমূহ খাদ্য সংকটত পৰিছে । যাৰফলত দুস্পাপ্য বন্যপ্ৰাণীসমূহ জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহি মৃত্যু মুখত পৰিছে । এইক্ষেত্ৰত বনবিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে দুস্পাপ্য বন্যপ্ৰাণীসমূহ লুপ্তপ্ৰায় হৈ পৰাটো নিশ্চিত বুলি প্ৰকৃতিপ্ৰেমীসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

লগতে পঢ়ক: অসমত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ মাওবাদী নেতা কাঞ্চন দা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.