ETV Bharat / state

CAA, EIA2020 বাতিলৰ দাবীৰে মাৰ্ঘেৰিটাত আছুৰ প্ৰতিবাদ - কেন্দ্ৰীয় চৰকাৰ

বৃহস্পতিবাৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ ৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

আছুৰ প্ৰতিবাদ
আছুৰ প্ৰতিবাদ
author img

By

Published : Aug 6, 2020, 3:07 PM IST

মাৰ্ঘেৰিটা, 6 আগষ্ট: নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ ৰ বিৰুদ্ধে বৃহস্পতিবাৰে মাৰ্ঘেৰিটাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই ৷ নাগৰিকত্ব সংশোধনী আইনক জাতিধ্বংসী আখ্যা দি এই আইন অসমীয়াই কোনো কাৰণতে মানি নলয় আৰু ইয়াৰ বিৰুদ্ধে অসমীয়াৰ লগতে, ছাত্ৰ সন্থাই আগন্তুক দিনতও বিৰোধিতা কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ এই আইনে অসমীয়া জাতিৰ লগতে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি বিপদ কঢ়িয়াই আনিব পাৰে বুলি উল্লেখ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰী সকলে ৷

CAA, EIA2020 বাতিলৰ দাবীৰে মাৰ্ঘেৰিটাত আছুৰ প্ৰতিবাদ

আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ সমান্তৰালকৈ চৰকাৰে জাৰি কৰা পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ ৰ খচৰা প্ৰস্তুত কৰি অসমৰ প্ৰাকৃতিক সমলসমূহ ধ্বংস কৰি অসমৰ জৈৱিক বৈচিত্ৰতা চিৰদিনৰ বাবে অসমৰ বুকুৰ পৰা আঁতৰাই পোলেৱাৰ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ এখন ৰাজ্যৰ জৈৱ বৈচিত্ৰ প্ৰতি ভাবুকি আহিব পৰা এনে এখন আইন কেন্দ্ৰীয় চৰকাৰ কিম্বা ৰাজ্য চৰকাৰে যিকোনো প্ৰকাৰে হ'লেও বাতিল কৰিব লাগিব বুলি প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকিয়াই দিয়ে মাৰ্ঘেৰিটা আছুৰ সদস্য সকলে ৷ লগতে খিলঞ্জীয়াৰ স্বাৰ্থ বিৰোধী এনে আইন মনাৰ কোনো যুক্তিযুক্ততা নাই বুলি অতি ক্ষোভেৰে কয় মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, চিণ্টু গগৈয়ে ৷

লগতে পঢ়ক: CAA-EIA বাতিলৰ লগতে বহুকেইটা দাবীলৈ মৰাণ ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.