ETV Bharat / state

ক'লা পতাকাক কেৰেপ নকৰে বিধায়ক বিনোদ হাজৰিকাই - নাগৰিকত্ব সংশোধনী আইন

ৰাজ্যৰ ভিন্ন প্ৰান্ত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ আইনখনৰ বাতিলৰ দাবীতে শুকুৰবাৰে ভিন্ন প্ৰান্তত আছুৱে ক'লা পতাকা প্ৰদৰ্শন কৰে কেইবাগৰাকীও বিধায়ক মন্ত্ৰীক ৷

ক'লা পতাকা
ক'লা পতাকাক কেৰেপ নকৰে বিধায়ক বিনোদ হাজৰিকাই
author img

By

Published : Jan 10, 2020, 11:03 PM IST

তিনিচুকীয়া, 10 জানুৱাৰীঃ তিনিচুকীয়া গেলাপুখুৰীত আছুৱে ক'লা পতাকা দেখুৱালে চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাক । বিধায়ক গৰাকীয়ে তিনিচুকীয়া গেলাপুখুৰী এজন বিজেপি কৰ্মী আৰু বৰগুৰি গাঁও পঞ্চায়তৰ সভাপতি ধৰ্মকান্ত বৰপাত্ৰ গোহাঁই ঘৰলৈ গৈ থকা সময়তে ক'লা পতাকা প্ৰদৰ্শন কৰে৷ প্ৰতিবাদৰ সময়ত ঘৰৰ ভিতৰতে সোমাই থাকিল বিজেপি বিধায়ক বিনোদ হাজৰিকা ।

আনহাতে, ক'লা পতাকা প্ৰদৰ্শন কৰা আছুৰ তিনিচুকীয়া জিলা সভাপতি সম্পাদক সহ প্ৰতিবাদকাৰীক আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে ।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত বিজেপি দখলত থকা বৰগুৰি পঞ্চায়ৰ সভাপতি ধৰ্মাকান্ত বৰপাত্ৰ গোঁহাই সহ পঞ্চায়তৰ আটাইকেইগৰাকী সদস্য‌ই জিলা আছুৰ সন্মুখত পদত্যাগ কৰিছিল । কিন্তু পদত্যাগৰ পাচতো শুকুৰবাৰে পঞ্চায়ৰ সভাপতিৰ বাসগৃহত বিধায়ক গৰাকী উপস্থিত হোৱা কাৰ্যই আচম্বিত কৰিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক ৷

ইফালে ক'লা পতাকা দেখুৱাৰ পিছতে বিধায়ক বিনোদ হাজৰিকাৰ প্ৰতিক্ৰিয়া, "প্ৰতিবাদকাৰি সকলে ঘৰ জ্বলাব অহাৰ বাবেই ধৰ্মকান্ত বৰপাত্ৰ গোঁহাইক পদত্যাগক কৰিবলৈ কৈছিলো৷ সিহঁতে ক'লা পতাকা লৈ ঘূৰিছে আমি বগা পতাকা লৈ ঘূৰিছো ৷ এজনো যদি বাংলাদেশীক সংস্থাপন দিয়ে তেন্তে চাবুৱাত বিজেপি নাথাকিব" বুলি মন্তব্য আগবঢ়াই বিধায়ক গৰাকীয়ে ৷

তিনিচুকীয়াত ক'লা পতাকা প্ৰদৰ্শন

ডিব্ৰুগড়, 10 জানুৱাৰীঃ ডিব্ৰুগড়ত ক'লা পতাকাৰ সন্মুখীন হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক প্ৰশান্ত ফুকন ৷ ডিব্ৰুগড়ত বিজেপিয়ে শান্তি সভা অনুষ্ঠিত কৰাৰ বাবে আৱৰ্ত ভৱনত বৈঠকত বহাৰ সময়তে আছুৱে ক'লা পতাকা লৈ প্ৰতিবাদ কৰে ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ খনিকৰত বিজেপিয়ে আগন্তুক ১৯ জানুৱাৰীত শান্তি সভা অনুষ্ঠিত কৰাৰ বাবে ভিতৰুৱাকৈ প্ৰস্তুতি চলাইছে । ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত এই উপলক্ষে মিলিত হোৱাৰ সময়তে আছুৰ নেতৃবৰ্গই ক'লা পতাকা প্ৰদৰ্শন কৰি বৰ তাল বজাই বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

ডিব্ৰুগড় ক'লা পতাকা প্ৰদৰ্শন

ৰঙিয়া, 10 জানুৱাৰীঃ ৰঙিয়াত ভুৱনেশ্বৰ কলিতাক ক'লা পতাকা দেখুৱালে আছুৱে । ৰঙিয়া থানাৰ সমীপত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আছুৱে ক'লা পতাকা দেখুৱালে ভুৱনেশ্বৰ কলিতাক । ৰঙিয়া ৰাইজমেল কৃষক ভৱনত অনুস্থিত বছৰেকীয়া অনুষ্ঠানত অংশ ল'বলৈ আহিছিল ভূৱনেশ্বৰ কলিতা । সেই স্থানতে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছিল আছুৱে ৷ অনুস্থান সামৰি ভূৱনেশ্বৰ কলিতা গাড়ীত উঠিব লোৱা সময়তে ক'লা পতাকা প্ৰদৰ্শন কৰে আছুয়ে ।

ৰঙিয়াত ক'লা পতাকা প্ৰদৰ্শন

আৰু পঢ়কঃ বানে ধোৱা লখিমপুৰত বিকল্প কৃষিৰে স্বাৱলম্বী কৃষক

Intro:
শাসকীয় দলৰ মন্ত্ৰী বিধায়ক সকলক কলা পতাকাৰ ভূতে খেদি ফুৰাৰ সময়তে ডিব্ৰুগড়ত পুনৰ কলা পতাকাৰ সন্মুখীন হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক প্ৰশান্ত ফুকনক আছুৱে দেখুৱাই কলা পতাকা।ডিব্ৰুগড়ত বিজেপিয়ে শান্তি সভা অনুষ্ঠিত কৰাৰ বাবে আৰ্বতভৱনত বৈঠকত বহাৰ সময়তে আছুৱে ডিব্ৰুগড়ৰ আৰ্বত ভৱনৰ সন্মুখত কলা পতাকা লৈ প্ৰতিবাদ কৰে।কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক
প্ৰশান্ত ফুকনৰ লগতে বিজেপিৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি সহ দলৰ আন আন বিষয়-ববীয়াক লৈ শান্তি সভা সন্দৰ্ভত এক বৈঠকত মিলিত হৈছিল।জানিব পৰা মতে ডিব্ৰুগড়ৰ খনিকৰত বিজেপিয়ে অহা ১৯জানুৱাৰীত শান্তি সভা অনুষ্ঠিত কৰাৰ বাবে ভিতৰুৱাকৈ প্ৰস্তুতি চলাইছে। ডিব্ৰুগড়ৰ আবৰ্ত ভৱনত এই উপলক্ষে মিলিত হোৱাৰ সময়তে আছুৰ নেতৃবৰ্গই কলা পতাকা প্ৰদৰ্শন কৰি বৰ তাল বজাই বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।ডিব্ৰুগড় আৰক্ষীয়ে বাধা প্ৰদান কৰিবলৈ প্ৰচেষ্টা কৰোতে আজু আৰু আৰক্ষীৰ সতে হতাহতি হয়।অৱশেষত আৰক্ষীয়ে আছুৰ প্ৰতিবাদ কাৰী সকলক আতক কৰে।আছুৰ কৰ্মকৰ্তা সকলে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নহ'ব বুলি সকীয়াই দিয়া লগতে ডিব্ৰুগড়ত অশান্তি বিয়পোৱাৰ বাবে বিজেপিয়ে শান্তি সভা আয়োজিত কৰিব নোৱাৰিব বুলি সকীয়াই দিয়ে।
Byte:-আছু কৰ্মকৰ্তা।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.