ETV Bharat / state

‘কা’ আন্দোলনৰ উকমুকনি : মাৰ্ঘেৰিটাত আছুৰ বিশাল সমদল - assam caa protest

শুকুৰবাৰে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত এক মটৰ চাইকেল সমদল উলিয়াই পুনৰ "কা"ৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায় । আছুৰ প্ৰায় শতাধিক কৰ্মকৰ্তাই উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা মটৰ চাইকেলেৰে সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

assam caa protest
assam caa protest
author img

By

Published : Aug 22, 2020, 12:38 AM IST

মাৰ্ঘেৰিটা, 21 আগষ্ট : সংশোধিত নাগৰিকত্ব আইন ২০১৯ বাতিলৰ দাবীত ৰাজ্যজুৰি চলা আন্দোলন বিগত কেইবামাহ ধৰি স্তিমিত হৈ থকাৰ পাচত শেহতীয়াকৈ পুনৰ গা কৰি উঠিছে ৷ শুকুৰবাৰে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত এক মটৰ চাইকেল সমদল উলিয়াই পুনৰ "কা"ৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায় । যি সময়ত নাগৰিকত্ব সংশোধনী আইনৰ গুৰি ধৰোঁতা সকল ৰাজনৈতিক হিচাপ নিকাছত ব্যস্ত হৈ আছে তেনে সময়তে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সদস্য সকলে অংশ গ্ৰহণ কৰি আইন বিৰোধী বিভিন্ন শ্ল’গানেৰে মাৰ্ঘেৰিটা পৰিবেশ উত্তাল কৰি তোলে ।

মাৰ্ঘেৰিটাত আছুৰ বিশাল সমদল

আছুৰ প্ৰায় শতাধিক কৰ্মকৰ্তাই উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা মটৰ চাইকেলেৰে সমদল কৰি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ মাৰ্ঘেৰিটাৰ সদাব্যস্ত বজাৰ এলেকাৰ লগতে মাৰ্ঘেৰিটাৰ উপকণ্ঠ লিডু অঞ্চল পৰিভ্ৰমণ কৰি "কা" আমি নামানো,কা বাতিল কৰিব লাগিবই,বাংলাদেশী গ' বেক আদি বিভিন্ন ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

লগতে পঢ়ক : ন্যায় বিচাৰি অনশনত বহিল জয়ন্ত বৰাৰ মাতৃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.