ডুমডুমা, 1 ফেব্ৰুৱাৰী : সোমবাৰে ডুমডুমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰে মুখ্যমন্ত্ৰী গৰাকীৰ পুত্তলিকা ৷ ডুমডুমাত আছু আৰু আৰক্ষীৰ মাজত মুখ্যমন্ত্ৰীৰ পুত্তলিকাক লৈ টনা-আঁজোৰা হোৱাৰ মাজতেই আছুৱে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ৷
উল্লেখ্য যে, তেজপুৰ আৰু শুৱালকুছিত আছু কৰ্মীৰ ওপৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন গৃহ বিভাগৰ বৰ্বৰতাৰ বিৰুদ্ধে সোমবাৰে আছুৱে ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ডুমডুমাত মুখ্যমন্ত্ৰীৰ পুত্তলিক দাহ কৰাৰ সময়ত আছু সদস্যসকলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়কঃ গুৱাহাটীৰ শ্বহীদ ন্যাস সন্মুখত মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ আছুৰ