ETV Bharat / state

ডুমডুমাত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - মাটিৰ পট্টা

ডুমডুমাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৷ জনজাতি কৰণ,দৈনিক মজুৰি বৃদ্ধি,স্বায়ত্ব শাসন প্ৰদানকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদত নামিল আদিবাসী ছাত্ৰ সন্থা ৷

AASAA DOOMDOOMA PROTEST
ডুমডুমাত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Sep 29, 2020, 7:44 PM IST

ডুমডুমা,29 ছেপ্তেম্বৰঃ অসমৰ আদিবাসী সকলক জনজাতিকৰণ কৰা,চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি,চাহ শ্ৰমিকসকলে বসবাস কৰা আৱাসগৃহ সমূহৰ মাটিৰ পট্টা প্ৰদানৰ লগতে আদিবাসী সকলক চেটেলাইট ভিক্তিত স্বায়ত্বশাসন প্ৰদান দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ডুমডুমাত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

তাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে ডুমডুমা নগৰৰ মাজমজিয়াত আদিবাসী ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত ফিল'বাৰী আৰু বাঘজান আঞ্চলিক সমিতিৰ সহযোগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে । ইপিনে এক ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰ অন্তত আদিবাসী ছাত্ৰ সন্থাই ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়কঃ অক্টোবৰৰ পৰা আৰম্ভ হ'ব মালিগাঁও উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.