ডুমডুমা, 29ছেপ্তেম্বৰঃ অসমৰ আদিবাসীসকলক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা আদি বিভিন্ন দাবীৰে আদিবাসী ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । ডুমডুমা নগৰৰ মাজমজিয়াত 37নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
তদুপৰি সংগঠনটোৱে চাহ শ্ৰমিকসকলে বসবাস কৰা আৱাস গৃহসমূহৰ মাটিৰ পট্টা প্ৰদানৰ লগতে আদিবাসীসকলক চেটেলাইট ভিত্তিত স্বায়ত্বশাসন প্ৰদানৰো দাবী জনায় ৷ আনহাতে 1ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰ অন্তত আদিবাসী ছাত্ৰ সন্থাই ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
লগতে পঢ়কঃ"বিটিচি বিটিআৰ হৈছে বুলি ওলোৱা নিৰ্দেশনা সাংবিধানিক নহয়" : হাগ্ৰামা মহিলাৰী