ETV Bharat / state

AAP protest: আৰক্ষীৰ জালত পৰিবনে ধৰ্ষণৰ অভিযুক্ত বিজেপি নেতা সমুদ্ৰ ?

author img

By

Published : May 6, 2023, 7:03 PM IST

এতিয়াও মুকলি আকাশৰ তলত ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগকাৰী পঞ্চায়তৰ সভাপতি তথা বিজেপি সদস্য সমুদ্ৰ ৰায় লিম্বু (AAP protest to demand arrest rape accused) । শনিবাৰে গুৱাহাটীত আপ মহিলা শক্তি, আপ যুৱ শক্তি, আপ সংখ্যা লঘু শক্তি, আপৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি আৰু আপ অসমৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে বিজেপি দলৰ পালিনেতা সমুদ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়‌ (AAP protest in Guwahati) ৷

AAP protest in Guwahati
আৰক্ষীৰ জালত পৰিবনে ধৰ্ষণৰ অভিযুক্ত বিজেপি নেতা সমুদ্ৰ?

গুৱাহাটী, 6 এপ্ৰিল: ডেৰ মাহৰ পিচতো মুকলি আকাশৰ তলত মুক্তভাৱে ঘূৰি ফুৰিছে ধৰ্ষণৰ অভিযুক্তই ৷ শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক ২০ মাৰ্চত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল (Minor girl rape in Tinsukia) ৷

তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত কাটানি গাঁৱৰ নিবাসী জনৈক প্ৰজাৰ ১৩ বছৰীয়া কন্যা সন্তানক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছিল পঞ্চায়তৰ সভাপতি তথা বিজেপি সদস্য সমুদ্ৰ ৰায় লিম্বুৰ বিৰুদ্ধে (AAP protest to demand arrest rape accused) । পৰৱৰ্তী পৰ্যায়ত এই ঘটনাৰ কথা স্থানীয় আৰক্ষীক অৱগত কৰোৱাৰ পিচতো নীৰৱ ভূমিকা পালন কৰিছিল আৰক্ষীয়ে (Protest demanding justice of a Rape victim) ।

ইফালে দিনৰ ওপৰি দিন উকলি যোৱাৰ পাচতো ভুক্তভোগী পৰিয়ালটোৱে ন্যায় নোপোৱাত কিশোৰীগৰাকীৰ ৪৫ বছৰীয়া মাতৃয়ে বিহুৰ দিনা অৰ্থাৎ 14 এপ্ৰিলৰ দিনটোতেই আত্মহননৰ পথ বাচি লয় (Rape victims mother suicide) । এই ঘটনাৰ খবৰ পোৱাৰ পিচতে স্থানীয় শ শ ৰাইজ ওলাই সন্ধিয়া বাহাদুৰ চাৰিআলি ঘাইপথ অৱৰোধ কৰাৰ লগতে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল (Protest in Tinsukia)। কিন্তু আজিলৈ আৰক্ষীৰ জালত নপৰিল ধৰ্ষণৰ অভিযুক্ত সমুদ্ৰ ৰায় লিম্বু (Rape accused not arrested yet) ৷

AAP protest in Guwahati
AAP protest in Guwahati

ইয়াৰ পিচতে বিগত দিনকেইটাত ধাৰাবাহিকভাৱে ধৰ্ষণৰ অভিযুক্ত বিজেপিৰ নেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে (AAP protest in Guwahati) ৷ শনিবাৰে গুৱাহাটীত আপ মহিলা শক্তি, আপ যুৱ শক্তি, আপ সংখ্যা লঘু শক্তি, আপৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি আৰু আপ অসমৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে বিজেপি দলৰ পালিনেতা সমুদ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়‌ ৷

আপৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি বল্লৱ পাত্ৰৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আপ মহিলা শক্তি, আপ যুৱ শক্তি, আপ সংখ্যা লঘু শক্তি, আপৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি আৰু আপ অসমৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সদস্যসকলে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

তিনিচুকীয়াৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰা বিজেপি দলৰ পালিনেতা সমুদ্ৰ ৰায় লিম্বুক এতিয়াও অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো হিমন্ত চৰকাৰৰ গৃহ বিভাগৰ বিফলতা বুলি অভিযোগ কৰে আপৰ প্ৰতিবাদকাৰীসকলে। কাৰ্যসূচীত অংশ লৈ দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই দাবী তুলি কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ কন্যা শিশু, নাবালিকা, যুৱতী আৰু মহিলা যে তিলমানো সুৰক্ষিত নহয়, শেহতীয়াকৈ তিনিচুকীয়াৰ কাটানী গাঁৱত হোৱা এই দুখজনক ঘটনাই উদঙাই দিছে।

তেওঁ অভিযোগ কৰি কয় যে এগৰাকী ১৩ বছৰীয়া কিশোৰীক সমুদ্ৰ ৰায় লিম্বু নামৰ বিজেপিৰ গাঁও পঞ্চায়তৰ সভাপতিয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ লগতে বলাৎকাৰ কৰাৰ পাচতো অভিযুক্তজনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই।

তেওঁ আৰক্ষীৰ ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। বিজেপি চৰকাৰক সমালোচনা কৰি অনুৰূপা ডেকাৰজাই কয় যে 'বেটী বাচাও, বেটী পঢ়াও'ৰ দৰে শুনিবলৈ ভাল লগা শ্লোগান দি ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনত মহিলাৰ সুৰক্ষাৰ বাবে চৰকাৰে কৰিবলগীয়া ন্যূনতম দায়িত্বখিনিও পালন কৰা নাই। যোৱা ২১ মাৰ্চতে ভুক্তভোগী পৰিয়ালটোৱে বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল।

লগতে পঢ়ক: AAP Protest : বিজেপি নেতা কাৰণেই গ্ৰেপ্তাৰ কৰা নাই ধৰ্ষণৰ অভিযুক্ত সমুদ্ৰক; আপৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.