ডুমডুমা, মাৰ্ঘেৰিটা, 11 ফেব্ৰুৱাৰী : যি সময়ত অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে সঘনাই আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনাৰ মেজলৈ আহ্বান জনাইছে, সেই সময়তে উজনি অসমৰ পৰা আহিছে ইটোৰ পিচত সিটোকৈ আলফা স্বাধীনত যুৱকৰ যোগদানৰ খবৰ ৷ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন চলি থকাৰ মাজতে আলফাত যোগ দিছিল নগাপথাৰৰ বিজু গগৈ নামৰ আছু নেতাগৰাকীয়ে ৷ হোৱাটাচ্ এপযোগে এই কথা লগৰ সকলক জনাইছিল বিজু গগৈয়ে ৷ তাৰ কিছুদিন চাবুৱাৰ পৰাও নিৰুদ্দেশ হৈছিল জনৈক গগৈ নামৰ এগৰাকী অভিযন্তাৰ পুত্ৰ ৷ সেইযুৱক জনেও আলফাত যোগ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছিল ৰাইজ তথা আৰক্ষীয়ে ৷ নৱজ্যোতি গগৈ নামৰ শদিয়াৰ এজন যুৱকৰ নিৰুদ্দেষৰ বাতৰিয়েও সৃষ্টি কৰিছিল চাঞ্চল্য ৷ নৱজ্যোতি আলফালৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল ৷
এইবাৰ পুনৰ পেঙেৰী ইনথেম গাঁৱৰ পৰা সন্ধানহীন হৈছে সমীৰণ সোণোৱাল নামৰ এজন যুৱক ৷ সোমবাৰে পুৱা মাৰ্ঘেৰিটালৈ বজাৰ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন ৷ কিন্তু তেতিয়াৰে পৰা কোনো সন্ধান নাই যুৱকজন ৷ পৰৱৰ্তী সময়ত সমীৰণে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে স্পষ্টভাৱে চৰকাৰৰ কৰ্ম কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি "সাৰ্বভৌম স্বাধীন অসম"ৰ বাবে আলফালৈ যোৱা বুলি এটা ষ্টেটাচ্ আপলোড কৰে ৷ উল্লেখ্য যে, তিনি বছৰৰ পূৰ্বে সমীৰণ সোণোৱালৰ সম্বন্ধীয় ককায়েক মাধুৰ্য সোণোৱালেও যোগ দিছিল আলফাত ৷
সমীৰণে বিদ্ৰোহী সংগঠনত যোগ দিয়া বুলি শুনি কান্দোনত ভাগি পৰে মাতৃ সুমন্তি সোণোৱাল ৷ পুত্ৰক ঘৰলৈ উলটি আহিবলৈ কাতৰ আহ্বান জনাইছে শোকবিহ্বল মাতৃ, ভগ্নীৰ লগতে সমীৰণৰ পিতৃয়ে ৷
উল্লেখ্য যে, চৰকাৰে পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহ্বান জনোৱা সন্দৰ্ভত দেশৰ আগশাৰীৰ সংবাদ আলোচনী আউট লুকে প্ৰকাশ কৰিছিল এটা বিশেষ খবৰ ৷ পৰেশ বৰুৱাক শান্তিৰ মেজলৈ আনি ব'হাগ বিহুত অসমবাসীক প্ৰধানমন্ত্ৰী মোডীয়ে উপহাৰ দিব বুলি প্ৰকাশিত বাতৰিটোৱে এক প্ৰকাৰ চৰ্চা লাভ কৰিছিল সৰ্ব স্তৰত ৷ কিন্তু একাংশ সংবাদ মাধ্যমৰ আগত এইকথাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷ এইদৰে নতুন যুৱক আলফাৰ প্ৰতি আকৃষ্ট হোৱা অথবা আলফা যোগদান কৰা বিষয়টো যঠেষ্ট চিন্তনীয় হৈ উঠিছে ৷
লগতে পঢ়ক : ৰাজ্যসভাত মাজুলীক অপমান : গীতা পাঠেৰে অনশন বহিল সত্ৰাধিকাৰ !