ETV Bharat / state

সমাজ সেৱকৰ একক প্ৰচেষ্ঠাত "সঁহাৰি"ক অক্সিজেন চিলিণ্ডাৰ প্ৰদান

ডুমডুমাৰ শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণৰ একক প্ৰচেষ্ঠাত ডুমডুমাৰ এক সামাজিক মঞ্চ "সঁহাৰি"ক অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে ৷

author img

By

Published : May 27, 2021, 2:23 PM IST

a-social-worker-providing-oxygen-cylinders-to-hohari
সমাজ সেৱকৰ একক প্ৰচেষ্ঠাত "সঁহাৰি"ক অক্সিজেন চিলিণ্ডাৰ প্ৰদান

ডুমডুমা, 27 মে’ : মানুহে মানুহৰ বাবে । "সঁহাৰি" আৰ্তজনৰ কাষত এটি খোজ ৷ ডুমডুমাৰ এক সামাজিক মঞ্চ "সঁহাৰি"ৰ উদ্যোগত অক্সিজেন বেংকৰ শুভ উদ্বোধন কৰা হয় ৷ ক’ভিড মহামাৰীয়ে সমগ্ৰ দেশক অক্সিজেন নাটনিৰে জুৰুলা কৰা সময়ত এই পদক্ষেপে আশাৰ ৰেঙণি আনিছে ডুমডুমাবাসীলৈ ৷ এই অক্সিজেন বেংকত মুঠ ১০ টা অক্সিজেন চিলিণ্ডাৰ মজুত থাকিব বুলি জানিব দিছে ৷

উল্লেখ্য যে, এই অনুষ্ঠানটিয়ে ৰোগাক্ৰান্তৰ ঘৰে ঘৰে গৈ অক্সিজেনৰ যোগান ধৰিব ৷ আনহাতে অক্সিজেন চিলিণ্ডাৰৰ মুঠ খৰচ বহন কৰিছে ডুমডুমাৰ ৰঙাজান অঞ্চলৰ সমাজ সেৱক তথা শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণে ৷ ডুমডুমা শাখা সাহিত্য সভাৰ ভৱনত বুধবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই অক্সিজেন বেংকৰ শুভ উদ্বোধন কৰা হয় ৷

উক্ত অনুষ্ঠানত ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও চিকিৎসক আৰু দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে ৷ শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণৰ লগতে ডুমডুমা অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিক লৈ গঠিত সামাজিক মঞ্চ "সঁহাৰি"ৰ এনে প্রশংসনীয় পদক্ষেপক সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক : পত্নীসহ মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.