ETV Bharat / state

ডুমডুমাত এগৰাকী কৰ্কট ৰোগীৰ মহানুভৱতা

দেশজুৰি লক ডাউন অব্যাহত থকাৰ সময়তে ডুমডুমাৰ এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ মহানুভৱতা ৷ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

author img

By

Published : Apr 17, 2020, 11:34 AM IST

A cancer patient of Doomdooma showing humanity during lockdown period
ডুমডুমাত এগৰাকী কৰ্কট ৰোগীৰ মহানুভৱতা

ডুমডুমা, 17 এপ্ৰিল: কৰ'ণা মহামাৰীৰ বাবে দেশজুৰি লক ডাউন অব্যাহত থকাৰ সময়তে ডুমডুমাৰ এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ মহানুভৱতা ৷ নিজেই বিগত চাৰি বছৰে কৰ্কট ৰোগৰ সৈতে যুজ দি অহা নিৰ্মালী কোঁৱৰ নামৰ শিল্পী গৰাকীয়ে বৃহস্পতিবাৰে ডুমডুমা ৰূপাই মিলন তীৰ্থৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ উল্লেখ্য যে এগৰাকী খ্যাতনামা অভিনেত্ৰী,বৰবিহুৱতী ৰূপে খ্যাত,বিভিন্ন সামাজিক সাংস্কৃতিক ক্ষেত্ৰত জড়িত এগৰাকী সাহসী মহিলা নিৰ্মালী কোঁৱৰ ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰূপাই মিলন তীৰ্থ নিবাসী নিৰ্মালী কোঁৱৰে ডুমডুমা মহাবিদ্যালয়ৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত তিনিবাৰকৈ একেলেঠাৰিয়ে মুকাভিনয়ত শ্ৰেষ্ঠতা অৰ্জন কৰিছিল ৷

ডুমডুমাত এগৰাকী কৰ্কট ৰোগীৰ মহানুভৱতা

উল্লেখ্য যে নিজেই এক জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ মাজতো বিপদৰ সময়ছোৱাত এনেকৈ আৰ্তজনৰ কাষত থিয় হৈ সহায় আগবঢ়োৱাৰ বাবে নিৰ্মালী কোঁৱৰৰ মহানুভৱতাক শলাগ লৈছে সকলোৱে ৷

লগতে পঢ়কঃ মেঘালয়ত প্ৰায় ৩০ ঘণ্টাৰ অন্তত কবৰ দিয়ে কৰ'ণা ভাইৰাছত আক্ৰান্ত চিকিৎসকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.