ETV Bharat / state

Tinsukia DC Conference: তিনিচুকীয়াত পঞ্চম সংখ্যক উপায়ুক্ত সন্মিলন আৰম্ভ - DC Conference at Tinsukia

তিনিচুকীয়াত জিলা উপায়ুক্তৰ সন্মিলন আৰম্ভ । প্ৰতিটো বিভাগৰ আঁচনি ৰূপায়ণৰ বিষয়ে আলোচনা কৰা হ'ব এই সন্মিলনত । এই সন্মিলনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)।

DC Conference at Tinsukia
জিলা উপায়ুক্তৰ সন্মিলন তিনিচুকীয়াত
author img

By

Published : May 15, 2023, 3:17 PM IST

জিলা উপায়ুক্তৰ সন্মিলন তিনিচুকীয়াত

তিনিচুকীয়া, ১৫মে': তিনিচুকীয়াত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে পঞ্চম সংখ্যক জিলা উপায়ুক্তৰ সন্মিলন (DC Conference at Tinsukia) ৷ এই সন্মিলনত ৰাজ্যৰ প্ৰতিগৰাকী জিলা উপায়ুক্তৰ লগতে প্ৰত্যেকখন বৈঠকত এগৰাকীকৈ অতিৰিক্ত মুখ্য সচিব উপস্থিত থাকিব ৷ সোমবাৰে প্ৰথম দিনৰ কাৰ্যসূচী হিচাবে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত পাঁচখন বৈঠক অনুষ্ঠিত হ’ব ৷ পাঁচখন বৈঠকত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকিব । ডিব্ৰুগড়ৰ ৱাটাৰ ৰিছ'ৰ্চ গেষ্ট হাউছত মন্ত্ৰী বিমল বড়া উপস্থিত থাকিব । ইপিনে, দুলিয়াজানৰ জালনী অইল গেষ্ট হাউছত মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থাকিব । তদুপৰি তিনিচুকীয়া জিলাৰ ডিগবৈ ক্লাৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ডিগবৈ আই অ'চি এল গেষ্ট হাউছত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব ৷

পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা সভাসমূহত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ লগতে বিভিন্ন দিশত পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব । সমান্তৰালভাৱে আজি একোখনকৈ প্ৰতিবেদন প্ৰস্তুত কৰি কাইলৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ আগত উপস্থাপন কৰিব ৷ এই সন্দৰ্ভত তিনিচুকীয়া জিলা উপায়ুক্ত স্বপ্নীল পালে কয় যে কাইলৈৰ পৰা দুদিন তিনিচুকীয়াৰ গেলাপুখুৰী বাইপাছ পথৰ কাষত নতুনকৈ নিৰ্মাণ কৰা কনভেনচন চেণ্টাৰত সন্মিলনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব (Convention Centre in Tinsukia) ৷

এই সন্মিলনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ লগতে ব্যয়বহুলভাৱে নিৰ্মাণ কৰা কনভেনচন চেন্টাৰটো পুৱাই শুভ উদ্বোধন কৰিব ৷ উল্লেখ্য় যে, এই সন্মিলনৰ কাৰণে তিনিচুকীয়া জিলা প্ৰশাসনে প্ৰায় এমাহ পূৰ্বৰ পৰাই আৰম্ভ কৰিছিল প্ৰস্তুতি ৷ যোৱা ১২ মে'ত তিনিচুকীয়াৰ বাৰেকুৰিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত সন্মিলন সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে ৰাজ্যবাসীয়ে উক্ত সন্মিলনত ৰাজ্যত এক আমোল পৰিৱৰ্তন দেখিবলৈ পাব ৷ ৰাইজে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱাৰ সলনি নিজৰ সমষ্টিতে সকলো কাম কৰিব পাৰিব বুলিও তেওঁ মন্তব্য় কৰিছিল ৷

লগতে পঢ়ক:Road accident at Sadiya : বিয়া খাবলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ তিনি সদস্যই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.