ETV Bharat / state

জাগুণত অঘটন: পুখুৰীৰ পৰা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ ৪ কিশোৰ

দেওবাৰে জাগুনৰ এটা পুখুৰীৰ পৰা স্থানীয় ৰাইজৰ তৎপৰতাত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হৈছে 4 গৰাকী কিশোৰ-কিশোৰী ৷ উদ্ধাৰ হোৱা আটাইকেইগৰাকীৰ ঘৰ তিনিচুকীয়াৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত পাৱতীপুৰ গাঁৱত বুলি জানিব পৰা গৈছে । অতি সংকটজনক অৱস্থাত আটাইকেইগৰাকীকে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

বাৰীৰ পুখুৰী পৰা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ ৪ কিশোৰ

author img

By

Published : Jun 14, 2021, 11:43 AM IST

Updated : Jun 14, 2021, 12:14 PM IST

তিনিচুকীয়া,14 জুন : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত সংঘটিত হৈছে এক অঘটন ৷ দেওবাৰে সন্ধিয়া জাগুনৰ এটা পুখুৰীৰ পৰা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছে 4 জনকৈ কিশোৰ-কিশোৰী ৷ স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে চাৰি কিশোৰ-কিশোৰীক ৷

উদ্ধাৰ হোৱা চাৰি কিশোৰ-কিশোৰী ক্ৰমে চপ্না মুঢ়া(৯) মুস্কান মুৰা(১০), ৰহিমলা মুৰা(১২), প্ৰফুল্ল মুৰা(১২) । আটাইকেইগৰাকীৰ ঘৰ তিনিচুকীয়াৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত পাৱতীপুৰ গাঁৱত বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজে অৱগত কৰা অনুসৰি, উদ্ধাৰ হোৱা চাৰিওগৰাকী কিশোৰ-কিশোৰীয়ে একেলগে পানীত জাপ দিছিল ৷ কিন্তু কিয় পানীত জাপ দিছিল সেই সম্পৰ্কে লাভ কৰা নাই কোনো তথ্য ৷ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷

ইফালে উদ্ধাৰ হোৱা কিশেৰ-কিশোৰী কেইগৰাকীক অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰা হৈছে । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য ৷

লগতে পঢ়ক: হাতী-মানুহৰ সংঘাত: গোলাঘাটত নিহত মাতৃ-পুত্ৰ

Last Updated : Jun 14, 2021, 12:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.