শদিয়া, 3 আগষ্টঃ পুখুৰীত পৰি মৃত্যু দুটি কণমানিৰ ৷ শদিয়া মহকুমাৰ ন-তৰাণি গাঁৱত সংঘটিত এই কৰুণ ঘটনা ৷ মাক দেউতাকৰ লগত একেলগে পথাৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল গুনীমা গগৈ (9) আৰু পুত্ৰ-অচ্যুৎ গগৈ (5) ৷ তাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ পৰে দুই সন্তান । বহু সময় সন্তান দুটিক মাক দেউতাকৰ লগতে ওচৰৰ গাঁৱৰ ৰাইজে বিচাৰ খোচৰ কৰি নোপোৱাৰ পাচত ওচৰৰে এটা পুখুৰীত মৃত অৱস্থাত উদ্ধাৰ হয় ।
আনহাতে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এটি চৰাইৰ লগত খেলি আছিল শিশু দুটা ৷ যাৰ বাবে অনুমান কৰা হৈছে চৰাইটোৰ লগত খেলি থকা অৱস্থাতে পুখুৰীত পৰে ৷ মৃত দুয়োগৰাকী শদিয়াৰ ছেণ্ট থমাছ হাইস্কুলৰ শিক্ষাৰ্থী ৷