ETV Bharat / state

তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত দুই শিশু শ্ৰমিক উদ্ধাৰ

author img

By

Published : Jun 2, 2021, 10:12 PM IST

তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত উদ্ধাৰ কৰা হৈছে দুই শিশু শ্ৰমিক ৷ শিশু দুজনৰ এজনৰ বয়স ৭বছৰ আৰু আনজনৰ বয়স ১০ বছৰ ৷ শিশু দুটিক স্বাস্থ্য পৰীক্ষা কৰি চাইল্ড লাইনক গতাই দিয়ে প্ৰশাসনে ৷

2-child-labour-recovered-at-bahadur-chariali-tiniskia
তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত ২ শিশু শ্ৰমিক উদ্ধাৰ

তিনিচুকীয়া, 2 জুন : তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত দুই শিশু শ্ৰমিক উদ্ধাৰ । বুধবাৰে বিশেষ সূত্ৰৰ পম খেদি শিশু পৰিদৰ্শক আৰু বৰডুবি আৰক্ষীয়ে বাহাদুৰ চাৰিআলিস্থিত অনামিকা হোটেলত অভিযান চলাই কাম কৰি থকা অৱস্থাৰ পৰা ২জন শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জানিবলৈ পৰা মতে শিশু দুজনৰ এজনৰ বয়স ৭বছৰ আৰু আনজনৰ বয়স ১০ বছৰ । শিশু দুটিক স্বাস্থ্য পৰীক্ষা কৰি চাইল্ড লাইনক গতাই দিয়ে প্ৰশাসনে ।

তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত দুই শিশু শ্ৰমিক উদ্ধাৰ

উল্লেখযোগ্য যে, শিশু আইন অনুসৰি ১৪ বছৰ তলৰ শিশুক কাম কৰোৱাটো আইনমতে দণ্ডনীয় । এতিয়া একাংশ হোটেল ,ধাবা আৰু ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীয়ে এই আইন উলংঘা কৰি পইচাৰ লোভ দেখুৱাই শিশুসকলক কাম কৰোৱা পৰিলক্ষিত হয় ৷ শিশু শ্ৰমিক আইন ভংগ কৰা এনে স্বত্বাধিকাৰীসকলৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : এগৰাকী নাৰ্চৰ বিৱৰণী: শৌচাগাৰত সোমাইহে মই কোনোমতে বাচি আহিলো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.