ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে হাটশিঙিমাৰীত টেট শিক্ষকৰ প্ৰতিবাদ

সমগ্ৰ ৰাজ্যযুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন টেট শিক্ষকৰ ৷

author img

By

Published : Mar 7, 2019, 9:50 PM IST

টেট শিক্ষকৰ প্ৰতিবাদ

হাটশিঙিমাৰী, 7 মাৰ্চঃ সমগ্ৰ ৰাজ্যৰ লগতে হাটশিঙিমাৰীটো প্ৰতিবাদ সাব্যস্ত কৰে টেট শিক্ষকসকলে ৷ চাকৰি নিয়মীয়াকৰণকে ধৰি অন্যান্য দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে ৷

সুশাসনৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ শিক্ষকসমাজ নামিল প্ৰতিবাদত ৷ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যব্যাপী টেট শিক্ষকসকলে পালন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ ঠিকাভিত্তিক টেট শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

টেট শিক্ষকৰ প্ৰতিবাদ

সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ প্ৰায় ডেৰ শতাধিক ঠিকাভিত্তিক টেট শিক্ষকে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰাৰ লগতে কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে ৷ বিনা চৰ্তে শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Intro:Body:

Anchor : সমগ্ৰ ৰাজ্যেৰ লগতে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ঠিকাভিত্তিক টেট শিক্ষক সকলে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী উলিয়াই মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

Vo: উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ প্ৰায় ডেৰ শতাধিক ঠিকাভিত্তিক টেট শিক্ষক সকলে বৃহস্পতি বাৰে দুপৰীয়া প্ৰায় এক বজাত এইদৰে এক প্ৰতিবাদী কাৰ্যসূচী ওলায়। বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি জিলা উপায়ুক্তৰ কাৰ্য্যলয় ঘেৰাও কৰে। জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি তেওঁলোকৰ দাবী পূৰণৰ দাবী জনায়। বিনা চৰ্তে চাকৰি নিয়মীয়া কৰাৰ লগতে শিক্ষক সকলৰ সমস্যা সমাধানৰ দাবী জনায় এই স্মাৰক পত্ৰৰ জৰিয়তে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.