ETV Bharat / state

দক্ষিণ শালমাৰাত কৃষকমুক্তি সংগ্ৰাম সমিতিৰ মৌন প্ৰতিবাদ

দক্ষিণ শালমাৰাৰ পাটাকাটা বজাৰত কৃষকমুক্তি সংগ্ৰাম সমিতিৰ মৌন প্ৰতিবাদ। চৰকাৰী পক্ষৰ লগতে জনপ্ৰতিনিধি আৰু ঠিকাদাৰক সকীয়নী প্ৰদান সংগঠনটোৰ ।

Silent protest of Krishak Mukti Sangram Samiti (KMSS)
দক্ষিণ শালমাৰা
author img

By

Published : Jun 9, 2020, 2:18 PM IST

দক্ষিণ শালমাৰা, 9 জুন: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পাটাকাটা বজাৰৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চল হাজিৰহাটকে ধৰি কেইবাটাও অঞ্চলত বিগত কেবাটাও বছৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে । এনে সময়তে অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে তিনিটা পৰ্যায়ত প্ৰায় ৩৩ কোটি টকাৰ আঁচনি আবন্টন দিছে যদিও আঁচনি ৰূপায়ণৰ নামত নামমাত্ৰ কাম কৰি সৰহভাগ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে।

দক্ষিণ শালমাৰাত কৃষকমুক্তি সংগ্ৰাম সমিতিৰ মৌন প্ৰতিবাদ

ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে পাটাকাটা বজাৰখন । ফলত ক্ষোভিত হৈ পৰে জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকল । মঙলবাৰে তিনিটা পৰ্যায়ৰ আঁচনি ৰূপায়ণৰ তদন্তৰ লগতে অঞ্চলটোৰ সমস্যা সমূহৰ স্থায়ী প্ৰতিৰোধৰ দাবীত জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে মৌন প্ৰতিবাদ সাব্যস্ত কৰে। লগতে শীঘ্ৰেই ইয়াৰ তদন্ত আৰু স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই সংগঠনটোৱে ৷ অন্যথা অনাগত দিনত বিভাগীয় বিষয়া ঠিকাদাৰ আৰু জনপ্ৰতিনিধি সকলে জেলৰ ভাত খাব লাগিব বুলিও সকীয়নী প্ৰদান কৰে কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে।

লগতে পঢ়কঃ এমাহতে খহি গৈছে জলসম্পদ বিভাগে নিৰ্মান কৰা মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.