ETV Bharat / state

স্পীড ব’টেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰীকাই - Minister Piyush Hazarika

গৰাখহনীয়াৰ কবলত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কেইবাটাও অঞ্চল ৷ সোমবাৰে স্পীড ব’টেৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই খহনীয়া হোৱা অঞ্চলকেইটা পৰিদৰ্শন কৰি ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাঁহ আৰু পৰ্কুপাইনেৰে খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে ।

Minister Piyush Hazarika at Mancachar
স্পীড ব’টেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰীকাই
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 6:53 PM IST

স্পীড ব’টেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰীকাই

মানকাচৰ, ১২ ডিচেম্বৰ: দক্ষিণ শালমাৰা-মানকাচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ সোমবাৰে স্পীড ব’টেৰে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ কোকৰাডাংগাৰ পৰা হাজিৰহাট অঞ্চল পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ খহনীয়া হোৱা অঞ্চসমূহ প্ৰত্যক্ষভাৱে বুজ লয় ।

বিভাগীয় বিষয়া অভিযন্তা আৰু জিলা আয়ুক্তক লগত লৈ মন্ত্ৰীগৰাকীয়ে খহনীয়া অধ্যুষিত অঞ্চলটোৰ বুজ লৈ জৰুৰীভাৱে প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাঁহ আৰু পাৰ্কুপাইনেৰে খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, এই অঞ্চলত প্ৰায় ১০ কিলোমিটাৰ দৈৰ্ঘ্য পৰ্যন্ত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই সমস্যাৰ সৃষ্টি কৰি আহিছে, ইয়াৰে প্ৰায় চাৰি কিলোমিটাৰ অংশত জলসম্পদ বিভাগে পাৰ্কুপাইনৰ জৰিয়তে খহনীয়া ৰোধৰ কাম কৰিছে ।

পৰৱৰ্তী সময়ত জলসম্পদ মন্ত্ৰীগৰাকীয়ে হাটশিঙিমাৰিৰ আৱৰ্ত ভৱনত স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে ৷ মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়, "2024 বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত এই খহনীয়া ৰোধৰ কাম সম্পূৰ্ণ হৈ যাব ৷ স্থায়ীভাৱে খহনীয়া ৰোধৰ ব্যৱস্থা লোৱাৰ পূৰ্বে অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় ৷ অস্থায়ী ভাৱে নিৰ্মাণ কৰা মথাউৰিত ব্যৱহাৰ কৰা বালিয়ে স্থানীয়ভাৱে নিৰ্মাণ কৰিবলগীয়া মথাউৰি নিৰ্মাণত যথেষ্ট সহায় কৰে ৷ এয়া কাৰিকৰী বিষয় ৷ মই জিলা আয়ুক্তক দায়িত্ব দিছো ৷ তেওঁ সকলোখিনি সুকলমে চাব ৷"

উল্লেখ্য যে, বছৰটোৰ আৰম্ভনিতে ৰাজ্যজুৰি খহনীয়া প্ৰৱণতা অঞ্চলসমূহত খহনীয়া ৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ কাম তৎপৰতাৰে হাতত লৈছে চৰকাৰে ৷ ডিঅ’ বেগ আৰু পুৰ্কুপাইনেৰে খহনীয়া ৰোধৰ বাবে দ্ৰুতগতিত কাম আৰম্ভ হৈছিল যদিও কিছু প্ৰান্তত এতিয়াও খহনীয়াই টোপনি হৰিছে ৰাইজৰ ৷

লগতে পঢ়ক: গুৱাহাটীৰ একাংশ বিলাসী ৰিজ'ৰ্ট-পাবত ব্যয়বহুল ড্ৰাগছৰ বেহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.