ETV Bharat / state

মানকাচৰৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

author img

By

Published : May 29, 2020, 11:34 AM IST

ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বৃহস্পতিবাৰে মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ আৱৰ্ত ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ জিলাখনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ৷ লক ডাউনৰ সুযোগ লৈ এচামে বিভিন্ন সমগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ দাঙি ধৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

মানকাচৰৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে
মানকাচৰৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

ধুবুৰী, 29 মে’: বৃহস্পতিবাৰে দক্ষিণ শালমাৰাত উপস্থিত হৈ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জিলা প্ৰশাসনৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ।জিলা উপায়ুক্ত আতিকা চুলতানাৰ লগতে জিলাখনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ সৈতে শেহতীয়া পৰিস্থিতিৰ বুজ ল’বলৈ মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ আৱৰ্ত ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী ফণীভূষণ চৌধুৰী । হাটশিঙিমাৰীৰ শেহতীয়া বানপানী আৰু কৰ’ণা মহামাৰীৰ বিষয়ে বুজ ল’বলৈ উপস্থিত হয় খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীগৰাকীয়ে ।

বানপানী আৰু লক ডাউনৰ ফলত জিলাখনৰ সাধাৰণ ৰাইজ, শ্ৰমিক, স্কুলীয়া ছাত্র-ছাত্রী আৰু কৃষকসকলে যথেষ্ট পৰিমাণে লোকচানৰ সন্মুখীন হৈছে । সেয়েহে মন্ত্রী মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জিলাখনৰ জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰা বুলি সাংবাদিকৰ আগত মন্তব্য আগবঢ়ায় । ইফালে কোৱাৰেণ্টাইন চেণ্টাৰত উত্থাপন হোৱা বিভিন্ন অভিযোগ মন্ত্ৰীগৰাকীয়ে খণ্ডন কৰাৰ বিপৰীতে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে ঠিকেই কৰিছে বুলি মন্তব্য দিয়ে । আনহাতে, লক ডাউনৰ সুযোগ লৈ এচামে বিভিন্ন সমগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ দাঙি ধৰে বিভাগীয় মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতিঃ এতিয়ালৈকে তিনিজনৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.