ETV Bharat / state

মানকাচৰৰ সুখচৰ সমবায় সমিতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ - Mancachar co-operative society

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ সুখচৰ সমবায় সমিতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ চাউল বিতৰণ নকৰাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি স্থানীয় ৰাইজৰ। লগতে সমবায় সমিতিখনৰ সভাপতি আৰু সম্পাদকৰ ভাষ্যত দেখা দিয়া অমিলক লৈও ক্ষোভিত হৈ পৰে হিতাধিকাৰীসকল ৷

মানকাচৰৰ সুখচৰ সমবায় সমিতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 27, 2020, 11:53 AM IST

মানকাচৰ, 27 এপ্ৰিল : দক্ষিণ শালমাৰাৰ মানকাচৰৰ সুখচৰ সমবায় সমিতিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ চাউল নোপোৱাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে শতাধিক হিতাধিকাৰী উত্তেজিত হৈ পৰে। সমবায়খনৰ সভাপতি মোস্তাউৰ ৰহমানক আৰু সম্পাদক ওৱালিউল কৰিমক প্ৰাপ্য চাউল নিদিয়াৰ কাৰণ সোধাত দুয়োজনৰ কথাত মিল নথকাৰ ফলত ক্ষোভিত হৈ পৰে হিতাধিকাৰীসকল ।

মানকাচৰৰ সুখচৰ সমবায় সমিতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ
উল্লেখযোগ্য যে,সমবায় সমিতিখনত নতুনকৈ চাউল অহাৰ খবৰ পাই হিতাধিকাৰীসকলে মাৰ্চ আৰু এপ্ৰিলৰ চাউল বিতৰণৰ দাবীত সুখচৰ সমবায় সমিতিৰ ফাত্তাপাৰাৰ ভঁৰাল ঘৰত উপস্থিত হয়। আনকি অতিৰিক্ত ৫ কেজি চাউলৰ বিপৰীতে ৪ কেজি ৫০০ গ্ৰামকৈ চাউল বিতৰণৰ অভিযোগ তোলে স্থানীয় ৰাইজে । হিতাধিকাৰীসকলে দুমাহৰ চাউল বিতৰণৰ দাবী কৰে ৷ ইয়াৰোপৰি,এই পৰিস্থিতিৰ মাজতে ভঁৰাল ঘৰত সুখচৰ সমবায় সমিতিৰ সভাপতি মোস্তাবুৰ ৰহমান উপস্থিত হোৱাৰ পিছতে উত্তেজিত ৰাইজে সভাপতি মোস্তাবুৰ ৰহমানক শাৰীৰিকভাৱেও অপদস্থ কৰে বুলি জানিব পৰা গৈছে ৷ ইপিনে ৰাইজৰ ৰুদ্ৰ মূৰ্তি দেখি সভাপতি মোস্তাবুৰ ৰহমানে মাৰ্চ আৰু এপ্ৰিল মাহৰ চাউল বিতৰণ কৰা হ’ব বুলি স্বীকাৰ কৰে যদিও সমবায় সমিতিৰ সম্পাদক ওৱালিউল কৰিমৰ ভাষ্য এই ক্ষেত্ৰত কিছু পৃথক দেখা যায় জানিবলৈ দিয়ে । তেওঁৰ মতে,মাৰ্চ মাহৰ চাউল বিতৰণ কৰা হৈছে, কিন্তু এজেণ্টসকলে চাউলসমূহ বিতৰণ কৰা নাই ।সভাপতি মোস্তাবুৰ ৰহমানে দুমাহৰ চাউল বিতৰণৰ কথা স্বীকাৰ কৰাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও সমবায় সমিতিখনত যে বিয়াগোম কেলেংকাৰী সংঘটিত হৈ আছে সেয়া স্পষ্ট বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় ৰাইজে । লগতে পঢ়ক : COVID-19ৰ সমান্তৰালকৈ আন এক মহামাৰীৰ সংক্ৰমণ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.