ETV Bharat / state

দক্ষিণ শালমাৰা-মানকাচৰত পুনৰ দুজন আক্ৰান্ত কৰ'ণা ভাইৰাছত

author img

By

Published : Jul 23, 2020, 8:29 PM IST

আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সীমা সুৰক্ষা বলৰ দুজন জোৱান আক্ৰান্ত হয় ক'ভিড-19ত ৷ জোৱান দুজনক বৰ্তমান হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

COVID19_POSITIVE_CASE_south salmara-mancachar
দক্ষিণ শালমাৰা-মানকাচৰত পুনৰ দুজন আক্ৰান্ত কৰ'ণা ভাইৰাছত

ধুবুৰী,23 জুলাই: বৃহস্পতিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত পুনৰ সীমা সুৰক্ষা বলৰ দুজন জোৱানৰ দেহত ধৰা পৰে ক'ভিড-19ৰ উপস্থিতি ৷ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত টুমনীস্থ 31নং বেটেলিয়েনৰ SSBত কৰ্মৰত আছিল জোৱান দুজন ৷ আজি টুমনীৰ ৰেপিড এন্টিজেন টেষ্ট কেন্দ্ৰত স্বাৱ পৰীক্ষাত ধৰা পৰে জোৱান দুজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতিৰ কথা ৷

অন্য এক খবৰৰ বাবে: তেজপুৰ চহৰৰ প্ৰাণকেন্দ্ৰ চ'ক বজাৰত চেনীটাইজ প্ৰশাসনৰ

জিলা প্ৰশাসনৰ নিৰ্দেশত সীমা সুৰক্ষা বলৰ জোৱান দুজনক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ আইচলেশ্যন কক্ষত ৰখা হৈছে ৷ জিলাখনত বৰ্তমানলৈকে মুঠ 48 জন লোকৰ দেহত ক'ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ লগতে 43 জন ৰোগী আৰোগ্য হৈ উঠিছে বুলি জিলা প্ৰশাসনে উল্লেখ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.