ETV Bharat / state

নদীত উঠি আহিল মহিলাৰ অৰ্ধগলিত মৃতদেহ

author img

By

Published : May 11, 2020, 6:32 PM IST

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী সুখচৰ থানাৰ অন্তৰ্গত, জিঞ্জিৰাম নৈত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

deadbody recovered in hatsingimari
deadbody recovered in hatsingimari

ধুবুৰী, 11 মে': হাটশিঙিমাৰীৰ সুখচৰ জিঞ্জিৰাম নৈত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য । আনুমানিক ৫৫ বছৰ বয়সীয়া মহিলাগৰাকীৰ উৱলি যোৱা মৃতদেহ ব্ৰহ্মপুত্ৰ নদীৰ সুঁতি এটাৰে, পানীৰ সোঁতত উটি আহি সুখচৰ জিঞ্জিৰাম নৈৰ পাৰঘাটত লাগি ধৰে । পানীৰ সোঁতত উটি আহি থকা অৱস্থাত কাউৰীয়ে ভক্ষণ কৰি আছিল মৃতদেহটো ।

মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ হাটশিঙিমাৰীত চাঞ্চল্য

স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি সুখচৰ থানাৰ আৰক্ষীক অৱগত কৰাত, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জিলা কাৰ্যবাহী দণ্ডাধীশ বিভাস মেধিৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি, সুখচৰ থানালৈ নি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।

লগতে পঢ়কঃ মৃতদেহ উদ্ধাৰক লৈ কৰিমগঞ্জত চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.