ETV Bharat / state

ইটাখোলাত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ

মঙলবাৰে পুৱাৰ ভাগত ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত মনাইত শ্লুইচ গেটৰ সমীপত এজন যুৱকৰ মৃতদেহ (dead body) উদ্ধাৰ ৷ মৃত যুৱকজন 2 নং ইটাখোলাৰ নিৱাসী মোহন শইকীয়াৰ একমাত্ৰ পুত্ৰ সঞ্জীৱ শইকীয়া (23)ৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত ইটাখোলা আৰক্ষী (Itakhola police)ৰ তদন্ত আৰম্ভ ৷

author img

By

Published : Jun 15, 2021, 5:32 PM IST

dead body recovered in itakhola
ইটাখোলাত মৃতদেহ উদ্ধাৰ

চতিয়া, 15 জুন : শোণিতপুৰ জিলাৰ চতিয়াৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত মনাইত শ্লুইচ গেটৰ সমীপত মঙলবাৰে পুৱাৰ ভাগত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ (dead body) ৷ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ইটাখোলা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

ইটাখোলাত মৃতদেহ উদ্ধাৰ

জানিব পৰা মতে, 2 নং ইটাখোলাৰ নিৱাসী মোহন শইকীয়াৰ একমাত্ৰ পুত্ৰ সঞ্জীৱ শইকীয়া (23)ক সোমবাৰে নিশা কোনো দুস্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে মূৰত আৰু সোঁ-বাহুত ঘপিয়াই হত্যা কৰে । পিতৃ মোহন শইকীয়াই কয় যে, সন্ধিয়াৰ ভাগত সঞ্জীৱে ঘৰৰ পৰা ওলাই গৈছিল যদিও নিশা ঘৰলৈ উভতি যোৱা নাই ৷

ইয়াৰ পাচতে মঙলবাৰে পুৱা পৰিয়ালৰ লোকে সঞ্জীৱক বিচাৰ-খোচাৰ কৰিবলৈ আৰম্ভ কৰে । কিন্তু হঠাতে শ্লুইচ গেটত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পোৱাত যুৱকজনৰ পিতৃ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো পুত্ৰ সঞ্জীৱৰ বুলি চিনাক্ত কৰে ৷ পুত্ৰক মৃত অৱস্থাত প্ৰত্যক্ষ এৰি কান্দোনত ভাগি পৰে সঞ্জীৱৰ পিতৃয়ে ৷ ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ইটাখোলা আৰক্ষীয়ে (Itakhola police) ৷

লগতে পঢ়ক : নগাঁৱত হেৰ'ইনসহ আটক দুই মহিলা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.