ETV Bharat / state

Wreath laying ceremony: দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত শ্বহীদলৈ সেনাৰ শ্ৰদ্ধাঞ্জলি - State War Memorial

দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰক (State War Memorial)ত দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা বীৰ সৈনিকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । ৰাজ্যিক যুদ্ধ স্মাৰকত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝাই ।

wreath laying ceremony at state war memorial
দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত শ্বহীদলৈ সেনাৰ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Oct 26, 2022, 10:35 AM IST

তেজপুৰ,২৬ অক্টোবৰ: দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰক(State War Memorial)ত সেনাৰ বিশেষ অনুষ্ঠান । এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা বীৰ সৈনিকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সেনাৰ উচ্চ পদস্থ বিষয়াসকলে(Wreath laying ceremony) । উক্ত অনুষ্ঠানত উপস্থিত থাকে জেনেৰেল অফিচাৰ কমাণ্ডিং এভিএছএমৰ মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝাই(Major General Rajesh Kumar Jha) ।

মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝাই দুই মিনিটৰ মৌনতা অৱলম্বন কৰি দেশৰ স্বাৰ্থত আত্মবলিদান দিয়া বীৰ সেনাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শেহতীয়াকৈ ৫১ খন উপ ক্ষেত্ৰৰ দায়িত্ব গ্ৰহণ কৰা জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝাই সকলোকে দেশৰ সেৱাত নিজকে পুনৰ সমৰ্পিত কৰিবলৈ আহ্বান জনায় ।

তেওঁ লগতে কয় যে ভাৰতীয় সেনাৰ সৰ্বোচ্চ পৰম্পৰাত আমাৰ দেশৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে সাহসিকতাৰে যুঁজ দিয়া আৰু প্ৰাণ দিয়া সৈনিকসকলৰ ওচৰত ৰাষ্ট্ৰ সদায় ঋণী হৈ থাকিব ।

লগতে পঢ়ক: Miya Museum Controversy: মিঞা পৰিষদৰ আটকাধীন দুই সদস্যৰ আছে অল কায়দাৰে সম্পৰ্ক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.