ETV Bharat / state

তেজপুৰ GIMTত 'উদ্ভাৱনী আৰু উদ্যমীতা' শীৰ্ষক কৰ্মশালা - ড0 উদ্ধৱ কুমাৰ ভৰালী

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত তেজপুৰত কৰ্মশালা ৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে পদ্মশ্ৰী বঁটা প্ৰাপক বিশিষ্ট উদ্ভাৱক ড0 উদ্ধৱ কুমাৰ ভৰালীৱে ৷

তেজপুৰ GIMT ত কৰ্মশালা
author img

By

Published : Sep 13, 2019, 11:09 AM IST

তেজপুৰ, ১৩ ছেপ্টেম্বৰ : তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ GIMT ত কৰ্মশালা ৷ 12 চেপ্তেম্বৰত অনুষ্ঠিত হয় 'উদ্ভাৱনী আৰু উদ্যমীতা' শীৰ্ষক কৰ্মশালা ৷ অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰ্মশালাখনৰ । কৰ্মশালাত বন্তি প্ৰজ্বলনেৰে শুভ-উদ্বোধনল কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড0 বুলজিৎ বুঢ়াগোহাঁয়ে । আনহাতে, অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে লেখিকা পুষ্পাঞ্জলি দাস দত্ত আৰু পদ্মশ্ৰী বঁটা প্ৰাপক বিশিষ্ট উদ্ভাৱক ড0 উদ্ধৱ কুমাৰ ভৰালীৱে । বৰ্তমানৰ ডিজিটেল জগতখনৰ বহুকেইগৰাকী অভিযন্তা উদ্যমীৰ উদাহৰণেৰে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে ।

Intro:| জি আই এম টি, তেজপুৰত 'উদ্ভাৱনী আৰু উদ্যমীতা' কৰ্মশালাৰ সফল ৰূপায়ণ |

তেজপুৰ, ১৩ ছেপ্টেম্বৰ : তেজপুৰ ডেকাৰগাঁওস্থিত ৰাজ্যখনৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি আই এম টি, তেজপুৰত ১২ ছেপ্টেম্বৰ তাৰিখে এখনি এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়। 'উদ্ভাৱনী আৰু উদ্যমীতা' বিষয়ক কৰ্মশালাখনি অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা হৈছিল। মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা অংকিতা পাটোৱাৰীয়ে আঁত ধৰা কৰ্মশালাখনি বন্তি প্ৰজ্বলনেৰে শুভ-উদ্বোধন কৰে অসমৰ বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে । Body:কৰ্মশালাৰ প্ৰথমাৰ্দ্ধত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ডিজিটেল জগতৰ বিশিষ্ট উদ্যমী তথা লেখিকা পুষ্পাঞ্জলি দাস দত্তই । বৰ্তমানৰ ডিজিটেল জগতখনৰ বহুকেইগৰাকী অভিযন্তা উদ্যমীৰ উদাহৰণেৰে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্যমীতাৰ দিশে ধাৱমান হ'বলৈ উৎসাহিত কৰে । লগতে আৰম্ভণি পৰ্যায়ৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়। Conclusion:কৰ্মশালাৰ দ্বিতীয়াৰ্দ্ধত সমল ব্যক্তি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী বঁটা প্ৰাপক বিশিষ্ট উদ্ভাৱক ড° উদ্ধৱ কুমাৰ ভৰালী । তেখেতে নিজৰ উদ্ভাৱনৰ কিছু নিদৰ্শন পৰিৱেশন কৰি সকলোকে উৎসাহিত কৰি তোলে। লগতে নিজৰ উদ্ভাৱনী শক্তিৰে সমাজৰ সাধাৰণ শ্ৰেণীৰ লগতে বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি দায়িত্ব পালনৰ বাবে তেওঁ ছাত্ৰসমাজক আহ্বান জনায়। মূলত উদ্ভাৱন, স্ব-নিয়োজন আৰু উদ্যমীতা বিকাশৰ লক্ষ্যৰে আয়োজিত মনোগ্ৰাহী কৰ্মশালাখনি সহকাৰী অধ্যাপক বিশ্বজিৎ ভাগৱতীয়ে সকলোকে ধন্যবাদ জ্ঞাপন ক।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.