ETV Bharat / state

জামুগুৰিহাটত নৃত্য গীতৰ কৰ্মশালা

author img

By

Published : Jul 27, 2019, 11:22 PM IST

ভাওনাত পৰিধান কৰা সাঁজপাৰসমুহো ডাঠ কাগজ,পুৰণি কেছেটৰ ৰিল ,সুতা,বাঁহ আদি বিভিন্ন পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰে ছাত্ৰ-ছাত্ৰীসকলে

জামুগুৰিহাটত নৃত্য গীতৰ কৰ্মশালা

শোণিতপুৰ, 27 জুলাইঃ জামুগুৰিহাটত গ্ৰীষ্মকালীন নৃত্য গীতৰ কৰ্মশালা ৷ গুৰুজনাৰ সৃষ্টিৰাজীৰ কৃষ্টিৰ প্ৰতি আগ্ৰহী হৈ ভাওনাৰো প্ৰশিক্ষণ লয় অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ লগতে ভাওনাত পৰিধান কৰা সাঁজপাৰসমুহো ডাঠ কাগজ,পুৰণি কেছেটৰ ৰিল ,সুতা,বাঁহ আদি বিভিন্ন পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ উল্লেখ্য যে, ম’বাইল ইন্টাৰনেটৰ যুগত একাংশ ছাত্ৰ-ছাত্ৰী ম’বাইলত নতুবা আন একাংশ ছাত্ৰ-ছাত্ৰী পশ্চিমীয়া গীত নৃত্য শিকাত ব্যস্ত থকাৰ সময়তে শংকৰী কলা-কৃষ্টিৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ ব্যতিক্ৰমী প্ৰচেষ্টাই গাঁওবাসীক গৌৰাম্বিত কৰি তুলিছে ৷

জামুগুৰিহাটত নৃত্য গীতৰ কৰ্মশালা

শোণিতপুৰ, 27 জুলাইঃ জামুগুৰিহাটত গ্ৰীষ্মকালীন নৃত্য গীতৰ কৰ্মশালা ৷ গুৰুজনাৰ সৃষ্টিৰাজীৰ কৃষ্টিৰ প্ৰতি আগ্ৰহী হৈ ভাওনাৰো প্ৰশিক্ষণ লয় অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ লগতে ভাওনাত পৰিধান কৰা সাঁজপাৰসমুহো ডাঠ কাগজ,পুৰণি কেছেটৰ ৰিল ,সুতা,বাঁহ আদি বিভিন্ন পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ উল্লেখ্য যে, ম’বাইল ইন্টাৰনেটৰ যুগত একাংশ ছাত্ৰ-ছাত্ৰী ম’বাইলত নতুবা আন একাংশ ছাত্ৰ-ছাত্ৰী পশ্চিমীয়া গীত নৃত্য শিকাত ব্যস্ত থকাৰ সময়তে শংকৰী কলা-কৃষ্টিৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ ব্যতিক্ৰমী প্ৰচেষ্টাই গাঁওবাসীক গৌৰাম্বিত কৰি তুলিছে ৷

জামুগুৰিহাটত নৃত্য গীতৰ কৰ্মশালা
Intro:চতিয়া: - গ্ৰীষ্মৰ বন্ধত জামুগুৰিহাটৰ কেইগৰাকীমান চেমনীয়াৰ কৰ্মৰাজীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷বন্ধৰ সময়চোৱাত একাংশ ছাত্ৰ ছাত্ৰী বিদ্যায়তনিক দিশৰ উপৰিও নৃত্য গীতৰ কৰ্মশালাত জড়িত হৈ জ্ঞান আহৰণ কৰাৰ কৰ্মত ব্যস্ত হৈ পৰাৰ বিপৰীতে শংকৰী কলা কৃষ্টিৰ প্ৰতি আগ্ৰহী এইসকল চেমনীয়াই আকৌ নিজে নাট লিখি নিজেই পৰিচালনা তথা ভাঁৱৰীয়াই পৰিধান কৰা সাঁজপাৰ-সঁজুলী নিজেই তৈয়াৰ কৰি ব্যস্ত হৈ পৰিছে গুৰুজনাৰ সৃষ্টিৰাজী ভাঁওনাৰ আখৰাত ৷Body:গ্ৰীষ্মৰ বন্ধৰ সময়ত ব্যতিক্ৰমী কৰ্মৰাজীৰে এইকেইগৰাকী জামুগুৰিহাটৰ মূঢ়াদল হেৰাপোৱাচুক গাঁৱৰ চেমনীয়াই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে৷শংকৰী কলা কৃষ্টিৰ প্ৰতি আগ্ৰহী এইকেইগৰাকী চেমনীয়া ছাত্ৰ ছাত্ৰী বন্ধৰ সময়চোৱাত এনেদৰেই ব্যস্ত হৈ পৰিল ভাঁওনাৰ আখৰাত,তাকো নিজেই লিখিছে নাট তথা এঁওলোকেই পৰস্পৰে পৰস্পৰক দিছে ভাঁৱৰ অংগী ভংগী৷কেৱল এয়াই নহয় অভিনয় কৰোতে পৰিধান কৰিবলগীয়া সাঁজপাৰসমুহো এঁওলোকে পেলনীয়া ডাঠ কাগজ,পুৰণি কেছেটৰ ৰিল ,সুতা,বাঁহ আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰি আখৰাত ব্যস্ত হৈ পৰিছে এনেদৰেই৷কণ কণ ছাত্ৰীসকলৰ ভিতৰৰ এইগৰাকী পঞ্চম শ্ৰেণীত অধ্যয়নৰত নিশান্ত বৰুৱাই “বানৰজাৰ পৰাজয়” নামৰ নাটখন লিখি নিজেই পৰিচালনা কৰি জ্যেষ্ঠসকলৰ অজ্ঞাতে বিগত দিনসমুহতো এনেদৰেই আখৰা কৰি গাঁওখনৰ এই নামঘৰত মঞ্চস্থ কৰাৰ প্ৰস্তুতি চলাই৷Conclusion:
,গ্ৰীষ্মৰ বন্ধৰ সময়ত ব্যতিক্ৰমী কৰ্মৰাজীৰে এইকেইগৰাকী জামুগুৰিহাটৰ মূঢ়াদল হেৰাপোৱাচুক গাঁৱৰ চেমনীয়াই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে৷শংকৰী কলা কৃষ্টিৰ প্ৰতি আগ্ৰহী এইকেইগৰাকী চেমনীয়া ছাত্ৰ ছাত্ৰী বন্ধৰ সময়চোৱাত এনেদৰেই ব্যস্ত হৈ পৰিল ভাঁওনাৰ আখৰাত,তাকো নিজেই লিখিছে নাট তথা এঁওলোকেই পৰস্পৰে পৰস্পৰক দিছে ভাঁৱৰ অংগী ভংগী৷কেৱল এয়াই নহয় অভিনয় কৰোতে পৰিধান কৰিবলগীয়া সাঁজপাৰসমুহো এঁওলোকে পেলনীয়া ডাঠ কাগজ,পুৰণি কেছেটৰ ৰিল ,সুতা,বাঁহ আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰি আখৰাত ব্যস্ত হৈ পৰিছে এনেদৰেই৷কণ কণ ছাত্ৰীসকলৰ ভিতৰৰ এইগৰাকী পঞ্চম শ্ৰেণীত অধ্যয়নৰত নিশান্ত বৰুৱাই “বানৰজাৰ পৰাজয়” নামৰ নাটখন লিখি নিজেই পৰিচালনা কৰি জ্যেষ্ঠসকলৰ অজ্ঞাতে বিগত দিনসমুহতো এনেদৰেই আখৰা কৰি গাঁওখনৰ এই নামঘৰত মঞ্চস্থ কৰাৰ প্ৰস্তুতি চলাই৷
গাঁৱৰ নামঘৰত মঞ্চস্থ কৰিবলগীয়া নাটভাগৰ পূৰ্ৱে এইসকল চেমনীয়া ছাত্ৰ ছাত্ৰী এনেদৰেই শেষবাৰৰ বাবে আখৰা কৰি একাংশ গাঁওবাসীৰ সন্মুখত পৰিবেশন কৰিছে এইদৰে৷চেমনীয়া ছাত্ৰ ছাত্ৰীকেইগৰাকীয়ে নিজে ভাঁওনাভাগ অনুষ্ঠিত কৰিব বুলি গাঁৱৰ ৰাইজক জনোৱাতহে গাঁৱৰে কেইজনমান যু্ৱকে মাত্ৰ সেই দিনটোত তেঁওলোকক কিঞ্চিত সহায় কৰি দিয়েমঞ্চস্থ কৰিবলগীয়া নাটভাগৰ বিভিন্ন ছেটিংচৰ দিশতহে৷চেমনীয়া কেইগৰাকীৰ অভিনয়ৰ দক্ষতা দেখি আপ্লুতও হৈ পৰিছে গাঁওবাসী৷ ৷ ম’বাইল ইন্টাৰনেটৰ যুগত একাংশ ছাত্ৰ ছাত্ৰী ম’বাইলত নতুবা আন একাংশ ছাত্ৰ ছাত্ৰী পশ্চিমীয়া গীত নৃত্য শিকাত ব্যস্ত থকাৰ সময়তে শংকৰী কলা কৃষ্টিৰ প্ৰতি আগ্ৰহী এইকেইগৰাকী চেমনীয়াৰ গ্ৰীষ্মৰ বন্ধৰ সময়চোৱাত কৰা এনে ব্যতিক্ৰমী প্ৰচেষ্টাই গাঁওবাসীৰ লগতে অঞ্চলবাসীক মোহিত কৰি তুলিছে৷
Byte-1-গাৱৰ যুৱক ৷
Byte-2-ভাওঁনা লিখক,পৰিচালক চেমনীয়া ৷
Byte-3- চেমনীয়া ভাৱৰীয়া ৷
Ptansankar bhuyan
Sootea
Etv bharat(assam)

,27.07.2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.