ETV Bharat / state

Tezpur Central University: বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা সমৰ্থিত প্ৰযুক্তি উদ্ভাৱন তথা সহায়ক কেন্দ্ৰ স্থাপনৰ অনুমোদন

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত কাম কৰা বাণিজ্য, উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে (DPIIT) তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা (WIPO) সমৰ্থিত প্ৰযুক্তি উদ্ভাৱন আৰু সহায়ক কেন্দ্ৰ (TISC) স্থাপনৰ বাবে অনুমোদন প্ৰদান কৰিছে (WIPO established in Tezpur University) ।

Tezpur Central University
Tezpur Central University
author img

By

Published : May 12, 2023, 10:32 PM IST

তেজপুৰ, ১২ মে' : দেশৰ খুব কমসংখ্যক প্ৰতিষ্ঠানে এই বিশেষ সন্মান লাভ কৰিছে, যিয়ে ভাৰত চৰকাৰৰ উদ্যোগ সম্প্ৰসাৰণ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগৰ অধীনত থকা Cell for IPR Promotion and Management-ৰ (CIPAM) লগত ওতপ্ৰোতভাৱে জড়িত হৈ বৌদ্ধিক সম্পত্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব । উল্লেখযোগ্য যে CIPAM-য়ে ভাৰতবৰ্ষত প্ৰতিষ্ঠিত প্ৰযুক্তি উদ্ভাৱন আৰু সহায়ক কেন্দ্ৰবোৰৰ (TISC) ৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে কাম কৰি আহিছে ।

বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা (WIPO), ছুইজাৰলেণ্ডে ইয়াৰ প্ৰযুক্তি আৰু উদ্ভাৱন সহায়ক কেন্দ্ৰৰ (TISC) কাৰ্যসূচীৰ জৰিয়তে উন্নয়নশীল দেশসমূহৰ উদ্ভাৱকসকলক উচ্চমানৰ প্ৰযুক্তি তথ্য আৰু আনুষংগিক সেৱাসমূহৰ সুবিধা প্ৰদান কৰে (world intellectual property organisation) । ইয়াৰ উপৰি TISC-ৰ কাৰ্যসূচীসমূহে উদ্ভাৱকসকলক উদ্ভাৱনী সম্ভাৱনাক প্ৰকৃত ৰূপত ব্যৱহাৰ কৰাত আৰু তেওঁলোকৰ বৌদ্ধিক সম্পত্তি অধিকাৰৰ বিষয়ে আৰু এই অধিকাৰ পৰিচালনা আৰু সুৰক্ষা কৰাৰ সমলসমূহৰ বিষয়ত সহায় কৰে । বৰ্তমান সময়ত বিশ্বজুৰি পাঁচ শতাধিক প্ৰযুক্তি আৰু উদ্ভাৱন সহায়ক কেন্দ্ৰই (TISC) বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ ওপৰত কাম কৰি আহিছে ।

এই পৰিপ্ৰেক্ষিতত তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপিত হ’বলগীয়া এই কেন্দ্ৰটোৱে বিশ্ববিদ্যালয়খনক বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বমানৰ পদক্ষেপ লোৱাত সহায় কৰিব বুলি আশা কৰিব পাৰি (WIPO established in Tezpur University) । নিশ্চিতভাৱে তেজপুৰ বিশ্ববিদ্যালয়ত (Tezpur Central University) স্থাপিত হ’বলগীয়া TISC কেন্দ্ৰটোৱে জ্ঞান বিনিময়, বিশ্বৰ বিভিন্ন প্ৰান্তত স্থাপিত TISC-ৰ লগত উত্তম পদ্ধতিৰ ভাগ-বতৰা, উদ্ভাৱকসকলৰ সামৰ্থ বিকাশ, বৌদ্ধিক সম্পত্তিৰ উদ্ভাৱন আৰু বাণিজ্যিকীকৰণৰ ক্ষেত্ৰতো এক গতি প্ৰদান কৰিব ।

তেজপুৰ বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ এটা প্ৰধান কেন্দ্ৰ, যি বিগত দশক ধৰি বৌদ্ধিক সম্পত্তি সুৰক্ষা কোষৰ জৰিয়তে বৌদ্ধিক সম্পত্তি সুৰক্ষা আৰু প্ৰসাৰৰ ক্ষেত্ৰখনত অহৰহ কাম কৰি আহিছে । বিশ্ববিদ্যালয়ৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কাম-কাজৰ উপৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তি কোষটোৱে (IPR Cell) স্নাতক, স্নাতকোত্তৰ আৰু গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে বৌদ্ধিক সম্পত্তিৰ বিষয়ত পাঠ্যক্ৰম আগবঢ়ায় আহিছে ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তিৰ সুৰক্ষা কোষটোৱে বৌদ্ধিক সম্পত্তিৰ বিভিন্ন শেহতীয়া তথ্যৰে অঞ্চলটোৰ বৌদ্ধিক সম্পত্তিৰ উদ্ভাৱকসকলক উৎসাহিত কৰিবলৈ বিভিন্ন কাৰিকৰী অনুষ্ঠান, উদ্যোগ-শিক্ষানুষ্ঠান সমন্বয় সন্মিলনী, প্ৰদৰ্শনী আদিৰ দৰে কাম-কাজ নিয়মীয়াভাৱে ৰূপায়ণ কৰি আহিছে । এই প্ৰযুক্তি আৰু উদ্ভাৱন সহায়ক কেন্দ্ৰৰ স্থাপন আৰু ইয়াৰ অধীনত উপলব্ধ সেৱাৰ দ্বাৰা বিশ্ববিদ্যালয়খন আৰু ইয়াৰ লগতে ওচৰৰ অঞ্চলবোৰৰ বৌদ্ধিক সম্পত্তিৰ ক্ষেত্ৰখনত যথেষ্ট সহায় হ’ব ।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত থকা উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগটোৱে (DPIIT) তেজপুৰ বিশ্ববিদ্যালয়ত বৌদ্ধিক সম্পত্তিৰ লগত জড়িত শিক্ষা আৰু গৱেষণাৰ সুবিধা প্ৰদানৰ দৃষ্টিভংগীয়ে ২০২০ বৰ্ষত বিশ্ববিদ্যালয়খনত সন্মানীয় DPIIT-IPR আসন প্ৰতিষ্ঠা কৰিছিল ।

লগতে পঢ়ক :BVFCL in crisis: কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে গভীৰ সংকটত নামৰূপ সাৰ কাৰখানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.