ETV Bharat / state

উত্তৰ-পূৱত সংযোজন হ’ব নেকি যুঁজাৰু বিমান ৰাফেল?

উত্তৰ-পূৰ্বাঞ্চলত এসপ্তাহতেই প্ৰতিৰক্ষা বিভাগৰ দুই শীৰ্ষ বিষয়াৰ ভাৰত-চীন সীমান্ত ভ্ৰমণ । এয়া উত্তৰ-পূৱত ৰাফেল যুদ্ধ বিমান সংযোগ হোৱাৰ ইংগিত নেকি?

author img

By

Published : Jan 8, 2021, 2:22 PM IST

Updated : Jan 9, 2021, 12:11 PM IST

rafale connect
ৰাফেলৰ সংযোজন

তেজপুৰ, 8 জানুৱাৰী : 2021 বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় সেনাবাহিনীৰ শীৰ্ষ পদবীত ব্যাপক সলনি হোৱাৰ পাচতে দুজনকৈ প্ৰতিৰক্ষা মূৰব্বীৰ অৰুণাচল প্ৰদেশৰ সীমান্ত পৰিদৰ্শন কৰা ঘটনাই এক তাৎপৰ্য বাহন কৰিছে । বছৰৰ প্ৰথমটো শনিবাৰে নিশাৰ ভিতৰতে এই ব্যাপক পদোন্নতি আৰু সলনি কৰিছে প্ৰতিৰক্ষা বিভাগে । ইয়াৰ ভিতৰত সেনাৰ উপ মুখ্য সেনাধ্যক্ষ পদলৈ মনোনীত কৰা হৈছে তেজপুৰ 4 ক’ৰৰ লেফটেনেণ্ট জেনেৰেল শান্তনু দয়ালক ।

rafale connect
বায়ুসেনাৰ সৈতে বাৰ্তালাপত মিলিত এচিএম ভাদুৰীয়া

লগতে পঢ়ক : বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল

এই সলনিৰ পাচত ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে 2 জানুৱাৰীত অৰুণাচল প্ৰদেশৰ পূৱে ভাৰত-চীন সীমান্তৰ স্পৰ্শকাতৰ অঞ্চল পৰিদৰ্শন কৰে । চিডিএছক সাম্প্ৰতিক সময়ত ভাৰত-চীন সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলৰ বিষয়ে অৱগত কৰে তৃতীয় ক’ৰৰ জিঅ’চি লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই । জেনেৰেল ৰাৱাটে সোৱণশিৰী উপত্যকাও পৰিদৰ্শন কৰে ।

rafale connect
বায়ুসেনা প্ৰধান এচিএম আৰ কে এছ ভাদুৰীয়াৰ সৈতে অন্য সামৰিক বিষয়াসকল

লগতে পঢ়ক : অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন চিডিএছ বিপিন ৰাৱাটৰ

ইয়াৰ লগতে বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দুৰ্গম পাহাৰীয়া অঞ্চল ভাৰত-চীন সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ বিভিন্ন ক্ষেত্ৰৰ বায়ুসেনাৰ ঘাটিসমূহৰ নিজেই হেলিকপ্তাৰ অৱতাৰণা কৰি পৰিদৰ্শন কৰাতো অতি তাৎপৰ্যপূৰ্ণ কথা । উল্লেখ্য যে, মাত্ৰ এসপ্তাহৰ ভিতৰত সেনাবাহিনীৰ দুগৰাকীকৈ শীৰ্ষ বিষয়াই অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী পূৱ দিশত ভ্ৰমণ কৰাটোৱে সীমান্ত অঞ্চলত সেনা বাহিনীৰ মোটায়েন পূৰ্বতকৈ যথেষ্ট পৰিমাণে বৃদ্ধি কৰাৰ প্ৰমাণ কৰে । কাৰণ, ডোকলাম আৰু গালৱান ভেলীৰ মুখামুখীৰ পাচত অৰুণাচলৰ পূৱ দিশত ভাৰতীয় স্থল সেনা আৰু বায়ুসেনাৰ সম্প্ৰসাৰণ অধিক মাত্ৰাত বৃদ্ধি কৰা হৈছে ।

rafale connect
বায়ুসেনাৰ বৈমানিকৰ সৈতে এচিএম ভাদুৰীয়া

লগতে পঢ়ক : চাবুৱা বায়ুসেনা চাউনী পৰিদৰ্শন ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চীফৰ

আনহাতে বায়ুসেনা প্ৰধান এচিএম ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই অকল হেলিকপ্তাৰেই নহয়, তেওঁ ট্ৰেন্সপ’ৰ্ট এয়াৰক্ৰাফ্ট চলাই ছিক্কিমৰ বিভিন্ন ঘাটিসমূহো পৰিদৰ্শন কৰে । অৰুণাচল প্ৰদেশত মুঠ 8 খন এডভান্স লেণ্ডিং গ্ৰাউণ্ড আছে আৰু এইসমূহ বিগত সময়চোৱাত সম্পূৰ্ণ কৰি তোলা হৈছে ৷ ইয়াৰ ভিতৰত ৱালং, মেচুকা, তেজু, পাছিঘাট, আলং, টাৱাং, ডিৰাং আৰু বমডিলাত থকা এএলচি বৰ্তমান সম্পূৰ্ণ ৰূপে কাৰ্যক্ষম ।

rafale connect
হেলিকপ্টাৰৰ ককপিটত এচিএম ভাদুৰীয়া

লগতে পঢ়ক : অৰুণাচলৰ ৰাজ্যপালক সাক্ষাৎ ভাৰতীয় বায়ু সেনা প্ৰধানৰ

ইষ্টাৰ্ণ কামাণ্ডৰ প্ৰধান বায়ুসেনাৰ ঘাটিসমূহৰ ভিতৰত তেজপুৰ, দিনজান, চাবুৱা আৰু যোৰহাট আছে আৰু ইয়াৰ মাজৰ তেজপুৰ বায়ুসেনাৰ ঘাটিত যুঁজাৰু বিমান ছুখই-30 এমকেআই আৰু চাবুৱা ঘাটিত চিনুক হেলিকপ্টাৰ পৰ্যাপ্ত পৰিমাণে অনুশীলন কৰা পৰিলক্ষিত হৈছে ৷ ভাদুৰীয়াই এই ঘাটিসমূহৰ বুজ লোৱাৰ খবৰে যেন তেজপুৰ ঘাটিত অত্যাধুনিক যুঁজাৰু বিমান ৰাফেল সংযোগ কৰাৰ ইংগিত প্ৰদান কৰিছে ৷

লগতে পঢ়ক : প্ৰচণ্ড শীতকো নেওচি কৰ্তব্য সমাপন কৰিছে আইটিবিপিয়ে

Last Updated : Jan 9, 2021, 12:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.