ETV Bharat / state

শোণিতপুৰৰ বিন্দুকুৰিত বন্যহস্তীৰ ত্ৰাস - জাকে জাকে বন্যহস্তীৰ দল

অসমৰ চৌদিশে অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ৷ শোণিতপুৰ জিলাৰ পশ্চিম বন সংমণ্ডলৰ অধীনৰ বিন্দুকুৰিৰ পকীয়াযাৰত বনৰীয়া হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে গাঁওবাসীয়ে ৷

শোণিতপুৰ
বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Dec 5, 2019, 7:26 PM IST

তেজপুৰ, 6 ডিচেম্বৰ: অসমৰ চৌদিশে অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ৷ যাৰ বাবে বিভিন্ন সময়ত ভিন্নজনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ এইবাৰ শোণিতপুৰ জিলাৰ পশ্চিম বন সংমণ্ডলৰ অধীনৰ বিন্দুকুৰিৰ পকীয়াযাৰত জাকে জাকে বন্যহস্তীৰ দল নামি আহিছে ধাননি পথাৰ অতিক্ৰম কৰি ৷

হস্তী-মানৱ সংঘাতৰ ভায়নক ৰূপ

এই সম্পৰ্কে স্থানীয় লোকে বন বিভাগক জনায় ৷ বন বিভাগ লোক ঘটনাস্থলীৰ উপস্থিত হৈ গুলী, ফটকাৰে হাতী কেইটা খেদি পঠিয়ায় ৷

উল্লেখ্য যে, বনাঞ্চল ধ্বংসৰ ফলত খাদ্যৰ সন্ধানত জনৱসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিবলৈ বাধ্য বন্য জীৱ-জন্তু ৷

লগতে পঢ়ক: শিহৰণকাৰী! ট্ৰাকৰ তলত পৰি জীৱন্তে উদ্ধাৰ পথচাৰী

Intro:তেজপুৰ,২৫ নবেম্বৰ:এতিয়া অসমৰ চৌদিশে বন্য হস্তীৰ সন্ত্ৰাস ৷ কি খেতি পথাৰ ,কি ৰাজপথ পথচাৰী সাৱধান নহলে যি কোনো সময়তে বন্য হস্থীৰ সন্মুখিন হব পাৰে আপুনি ৷
এই দৃশ্যলৈ মন কৰক ৷ এইয়া শোনিতপুৰ জিলাৰ পশ্চিম বন সংমণ্ডলৰ অধীনত বিন্দুকুৰিৰ ভাৰতীয় খাদ্য নিগমৰ সন্মুখৰ আৰু পকীয়াযাৰৰ দৃশ্য ৷ কিদৰে জাকে জাকে বন্য হস্থীৰ দল নামি আহিছে ধাননী পথাৰ আৰু অতিক্ৰম কৰিছে তেজপুৰ বিন্দুকুৰি সংলগ্ন মূল পথ ৷

এফালে বন ধ্বংস কৰি ফৰেষ্ট ভিলেজ স্থাপন কৰিছে যাৰ ফলত বন্যপ্ৰাণীবোৰে খাদ্যৰ সন্ধানত জনৱসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে।

Body:চৰকাৰৰ অন্যতম পয়া লগা বিভাগ হৈছে এই বন বিভাগ,যাৰ কুপ্ৰভাব পৰিছে গঞাৰ ওপৰত,দুৰ্ভোগ ভুগিব লগা হৈছে এই জীৱ আৰু জন্তৱে । কাৰোবাৰ জীৱন হেৰাই গৈছে যদি কাৰোবাৰ মুখৰ ভাত,ঘৰ দুৱাৰ। চৰকাৰ ভ্ৰূক্ষেপ নাই। আচলতে এই বিভাগটো ক্ৰমান্বয়ে ঢাল তৰোৱাল নোহোৱা নিধিৰাম ছৰ্দাৰলৈ হে পৰিণত হৈ গৈ আছে। যাৰ ফল স্বৰূপে দায়িত্বশীল বন বিষয়া, কৰ্মচাৰী তথা প্ৰকৃতি প্ৰেমী সকলে অহৰহ চেষ্টা কৰিও উল্লেখনীয় ভাবে সফল হ'ব পৰা নাই।
Bite: সৌৰভ বৰকটকী

কৃষক ৰাইজে ভাতমুঠি হেৰুৱাৰ শংকাত কেতিয়াবা স্বেচ্ছাসেৱক সকলৰ ওপৰতেই ক্ষোভ প্ৰকাশ কৰে। তেওলোকেও শান্তনা দিয়াৰ বাদে উপায়ো নাথাকে । চৰকাৰ তথা প্ৰশাসনে যদি এক নিশ্চ্ত পদক্ষেপ গ্ৰহন নকৰে তেনেহলে এক অনিশ্চিত বিপদৰ মুখত পৰিব ৷
Conclusion: শোণিতপুৰ জিলাত কেবাজনো লোকৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু ঘটে । সমগ্ৰ অসমত ই এক জটিল সমস্যা হৈ থিয় দিছে। বছৰ দিনৰ ভাত মুঠি হেৰুৱা হেজাৰ হেজাৰ কৃষকৰ আৰ্তনাদ কোনে শুনিব? কোনে বুজিব? নিৰীহ লোকৰ প্ৰাণ,নিজৰ বাসস্থান খেতি,শেষ হৈ হৈছে। অসহায় গঁঞাৰ চৰকাৰক আহ্বান , এই সমস্যৰ সমাধান দিবলৈ ৷

Pranab kumar Das
Tezpur
5/12/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.