ETV Bharat / state

ৰঙাপৰাত বন্যহস্তীৰ উপদ্ৰৱ - ৰঙাপাৰত হাতীয়ে ভাঙিলে তিনি লোকৰ বাসগৃহ

তিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু আমাৰীবাৰীৰ বন বিভাগক পামবস্তিত সৌৰশক্তি তাঁৰৰ ব্যৱস্থাৰে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ৰাইজে দাবী জনাইছে ।

Wild Elephant terror at Sonitpur
ৰঙাপৰাত বন্যহস্তীৰ উপদ্ৰৱ
author img

By

Published : Jul 7, 2020, 11:03 AM IST

ৰঙাপৰা, 7 জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে । সোমবাৰে নিশা প্ৰায় ২ বজাত এটা বনৰীয়া হাতীয়ে ৰঙাপৰাৰ পামবস্তিত ত্ৰাসৰ সৃষ্টি কৰে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীটোৱে ৰঙাপৰাৰ পামবস্তিত প্ৰবেশ কৰি অজয় প্ৰজা, কৃষান প্ৰজা আৰু সুব্ৰন্ন ধদৰাইৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতি সাধন কৰে ।

ৰঙাপৰাত বন্যহস্তীৰ উপদ্ৰৱ

পাছত স্থানীয় একাংশ ৰাইজে প্ৰতিকূল বতৰৰ বাধা নেওচি বনৰীয়া হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয় । ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱত বৰ্তমান ৰাইজ শংকিত হৈ পৰিছে । চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু আমাৰীবাৰীৰ বন বিভাগক পামবস্তিত সৌৰশক্তি তাঁৰৰ ব্যৱস্থাৰে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক: গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কৃত্রিম বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.