তেজপুৰ,৪ মাৰ্চ: শোণিতপুৰ জিলাৰ 74 নং ৰঙাপৰা বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীক লৈ চলিছে ব্যাপক চৰ্চা ৷ দলটোৰ পূৰ্বৰ বহু কেইগৰাকী নেতাৰ বিপৰীতে টিকট প্ৰত্যাশিৰ তালিকাত দেখা পোৱা গৈছে বহু কেইখন নতুন মুখ ৷ কোন হ'ব ৰঙাপৰা বিধানসভা সমষ্টিৰ বিজেপিৰ উত্তৰসূৰী, তাক লৈ চৰ্চা চলি থকাৰ সময়তে চৰ্চালৈ আহিছে বিশ্বনাথ সমষ্টিৰ যুৱ নেতা দিগন্ত ঘটোৱাৰ নাম ৷ ইতিমধ্যে দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগত আলোচনা অব্যাহত থকাৰ সময়তে প্ৰাৰ্থীৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ বহুকেইজন নেতাই প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও দিগন্ত ঘটোৱাৰে ৰঙাপৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ ইফালে একাংশ কৰ্মীৰ মাজত চৰ্চা লাভ কৰিছে বাটাছ ওৰাঙৰ নামো ৷
![কোন হ'ব ৰঙাপৰা বিধানসভা সমষ্টিৰ বিজেপিৰ উত্তৰসূৰী !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-4march-02-pix-bjpcongress-pranabkumardas-7203907_04032021145945_0403f_1614850185_609.jpg)
পূৰ্বে এই সমষ্টিত কংগ্ৰেছৰ ভিমানন্দ তাঁতীয়ে সমষ্টিৰ পূৰ্বৰে পৰা প্ৰতিনিধিত্ব কৰি আহিছে । ৰঙাপৰা সমষ্টিৰ সৰহ সংখ্যক ভোটাৰ চাহ জনজাতিৰ অধ্যুষিত লোক হোৱা বাবে তেওঁলোকে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে নিৰ্বাচনত। ঘটোৱাৰ আৰু ওৰাং দুয়োজনেই চাহ জনজাতিৰ । আনহাতে প্ৰাক্তন বিধায়ক স্বৰ্গীয় ৰাজেন বৰঠাকুৰৰ জ্যেষ্ঠ ভাতৃ জিতেন বৰঠাকুৰৰ নামো পেনেলৰ লিষ্টত সন্নিবিষ্ট আছে বুলি জানিব পৰা গৈছে ।
ইফালে কংগ্ৰেছৰ ভিমানন্দ তাঁতীয়ে ৰঙাপৰা সমষ্টিত প্ৰায় সৰহ সময় কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰিছে । প্রাক্তন উপাধ্যক্ষ তাঁতী হাজৰিকাৰ বিৰুদ্ধে পৰাজিত হৈছিল আৰু অভিজিত হাজৰিকা সেই সময়ত বিজেপিৰ দলৰ পৰা জয় লাভ কৰিছিল,কিন্তু পৰৱৰ্তী সময়ত অসমৰ ৰাজনীতিত কংগ্ৰেছৰ শাসন কালত হৰ্চট্ৰেডিঙৰ বাবে পৰবৰ্তী সময়ত হাজৰিকাই কংগ্ৰেছত যোগ দিয়ে । পুনৰ তাঁতীক পৰাজিত কৰি 2016ত পল্লব লোচন দাস ৰঙাপৰা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু প্ৰথম বাৰৰ বাবে ৰঙাপৰা সমষ্টিৰ পৰা এগৰাকী বিধায়কৰ নাম সংযোগ হয় মন্ত্ৰী সভাত।
উল্লেখ্য যে, পল্লৱ লোচন দাস লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত অধিক সময় বিধায়ক অবিহনে থাকে সমষ্টিটো ৷ পৰৱৰ্তি সময়ত 2019ৰ পৰা ৰাজেন বৰঠাকুৰ বিজেপি দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় যদিও 2020 চনত তেখেতৰো আকস্মিক মৃত্যু হয় । ইয়াৰ পিছত সমষ্টিতো পুনৰ বিধায়ক অবিহনে থাকিব লগা হয় । ইফালে এইবাৰ কংগ্ৰেছেও ককাঁলত টঙালি বান্ধিছে সমষ্টিটো পুনৰ নিজৰ দখললৈ নিবৰ বাবে ।
মন কৰিবলগীয়া যে, সমষ্টিটোত উপ নিৰ্বাচনত যিহেতু বিজেপিৰ প্ৰাৰ্থীয়ে অভূতপূৰ্ব সহাৰি লাভ কৰিছিল, সেয়েহে কংগ্ৰেছেও এইবাৰ সমানে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা এগৰাকী প্ৰাৰ্থী ৰঙাপৰা সমষ্টিত প্ৰদান কৰাটো নিশ্চিত হৈ পৰিছে, আৰু যদি সেয়াই হয় পূৰ্বৰ বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা অভিজিত হাজৰিকাই প্ৰাৰ্থীত্ব লাভ কৰাটো নিশ্চিত ৷ ইয়াৰ লগতে বিজেপিৰ দলৰ পৰা দিগন্ত ঘটোৱাৰ আৰু জিতেন বৰঠাকুৰৰ ভিতৰত এগৰাকীৰ নাম প্ৰাৰ্থীত্ব তালিকাত থকাটো প্ৰায় নিশ্চিত হৈ পৰিছে । অৱশ্যে আগন্তুক কেই ঘন্টামানৰ ভিতৰত স্পষ্ট হৈ পৰিব প্ৰকৃত ছবিখন ।
লগতে পঢ়ক: দুৰ্গ অটুট থাকিবনে মহন্তৰ !