তেজপুৰ, ৯ ছেপ্টেম্বৰ: ১৯৭১ চনৰ ১৬ ডিচেম্বৰত ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি জয়ী হৈছিল । ফলশ্ৰুতিত বাংলাদেশৰ জন্ম হৈছিল । চলিত বৰ্ষৰ ১৬ ডিচেম্বৰত এই বিজয়ৰ ৫০ বছৰ সম্পূৰ্ণ হ'ব । সেয়ে, ভাৰত-পাক যুদ্ধত দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই আৰু সমগ্ৰ দেশবাসীক বিজয়ৰ আনন্দৰ অংশীদাৰ হোৱাৰ সুযোগ দিয়াৰ উদ্দেশ্যেৰে ভাৰতীয় সেনা জোৱানৰ এটা দলে বিজয় শিখা লৈ সমগ্ৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈছে ।
প্ৰতিটো শ্বহীদ স্মাৰকত শ্ৰদ্ধা নিবেদন কৰা হৈছে ।এই বিজয় শিখা লৈ তেজপুৰত উপস্থিত হৈছে সেনা জোৱানৰ এটা দল । তেজপুৰ গজৰাজ ক'ৰৰ ৱাৰ মেমৰিয়েলত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বৃহস্পতিবাৰে তেজপুৰ আৱৰ্ত ভৱনত থকা ৱাৰ মেমৰিয়েলত জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে বিজয় শিখা গ্ৰহণ কৰে ।
তেজপুৰ আৱৰ্ত ভৱনত বিজয় শিখা প্ৰদৰ্শন কৰাৰ পিছত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত প্ৰদৰ্শন কৰা হয় । ইয়াৰ পূৰ্বে তেজপুৰ শালনিবাৰীৰ এছ এছ বিৰ শিবিৰ আৰু ভাৰতীয় সেনাৰ বৰ্ডাৰ ৰোডছ অৰ্গেনাইগেছনত শ্ৰদ্ধা নিবেদন কৰা হয় । ইয়াৰ পিছত আন আন জিলালৈও বিজয় শিখা লৈ যোৱা হ'ব ।
লগতে পঢ়ক:ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰঃ দাওহাৰো বড়োৰ গুলিবিদ্ধ