ETV Bharat / state

নিশা হ'লেই অন্ধকাৰত ডুব যায় কলিয়াভোমোৰা দলং - স্থলপথৰ যোগাযোগ ব্যৱস্থা সুদৃঢ়

১৯৮১ চনত স্থলপথৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ অধীনত ভাৰত চৰকাৰে কলিয়াভোমোৰা দলং নিৰ্মাণ আৰম্ভ কৰিছিল । পৰবৰ্তী সময়ত সুদীৰ্ঘ ৭ বছৰত ১৯৮৭ চনৰ ১৪ এপ্ৰিল তাৰিখে অৰ্থাৎ বহাগ বিহুৰ উপহাৰ হিচাবে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে শুভ উদ্বোধন কৰা এই দলঙখনৰ মাজত নাই কোনো পোহৰৰ ব্যৱস্থা ।

Koliya Bhumur Bridge
অন্ধকাৰত ডুব যায় কলিয়াভোমোৰা দলঙ
author img

By

Published : Feb 10, 2020, 6:51 PM IST

তেজপুৰ,১০ ফেব্ৰুৱাৰী: উত্তৰ অসমক সংলগ্ন কৰা শোণিতপুৰ আৰু নগাওঁ জিলাৰ মাজত স্থল পথ যোগাযোগৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা দ্বিতীয়খন দলং কলিয়াভোমোৰা । কিন্তু এই দলঙখন এতিয়া নিৰাপত্তা হীনতাত । অন্ধকাৰচন্ন দলঙখনৰ দুয়োমূৰে থকা নিৰাপত্তাৰক্ষীৰ গৃহৰ লগতে সমগ্ৰ দলঙখনতে নাই কোনো পোহৰৰ ব্যৱস্থা ৷ তাৰোপৰি দলঙৰ মাজত নাই কোনো নিৰাপত্তাৰক্ষী । ১৯৮১ চনত স্থলপথৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ অধীনত ভাৰত চৰকাৰে এই দলঙৰ নিৰ্মাণ আৰম্ভ কৰিছিল । পৰৱৰ্তী সময়ত সুদীৰ্ঘ ৭ বছৰত ১৯৮৭ চনৰ ১৪ এপ্ৰিল তাৰিখে অৰ্থাৎ বহাগ বিহুৰ উপহাৰ হিচাবে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে শুভ উদ্বোধন কৰা এই দলঙখনৰ মাজত নাই কোনো পোহৰৰ ব্যৱস্থা । নিয়ন লাইটৰ পোষ্টসমূহ আছে কিন্তু পোহৰ নাই । সুৰক্ষা ব্যৱস্থাৰ ঘৰ সমূহ জৰাজীৰ্ণ হৈ আছে যদিও সুৰক্ষা প্ৰদানৰ বাবে কোনো লোক নাই দলঙখনত ।

কলিয়াভোমোৰা দলঙত নাই পোহৰৰ সু-ব্যৱস্থা

প্ৰায় ৩.০৫ কিলোমিটাৰ দৈঘৰ এই দলঙৰ মাজত পূৰ্বে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ কাষতে নিৰ্মাণ চলি আছে দ্বিতীয় খন বৃহৎ দলং ৷ গেমন ইণ্ডিয়া কোম্পানীৰ অধীনত নিৰ্মাণ চলি থকা এই দলঙৰ ২০২১ ত সমাপ্তি হ'ব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে । কিন্ত এই দলঙৰ ওপৰৰ পৰা পোহৰৰ উৎস প্ৰদান নকৰাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । অসম চৰকাৰে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক কি নিৰ্দেশনা দিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

Intro:তেজপুৰ,১০ ফেব্ৰুৱাৰী: কলীয়া ভোমোৰা সেতু। উত্তৰ অসমক সংলগ্ন কৰা শোণিতপুৰ আৰু নগাওঁ জিলাৰ মাজত স্থল পথ যোগাযোগৰ স্থাপন কৰা আশীৰ দশকৰ এই খন ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয় খন দলং । কিন্তু এই দলং এতিয়া নিৰাপত্তা হীনতাত । অন্ধকাৰসন্ন দলঙৰ দুয়োমূৰ নিৰাপত্তা ৰক্ষিৰ নাই কোনো পোহৰ ।

Body:PTC:
আপুনি কলীয়া ভোমোৰা সেঁতুৰ ওপৰেদি ৰাতি যাত্ৰা কৰিবনেকি তেনেহলে সাৱধান ! কাৰণ আপোনাৰ বাহন সাৱধানে চলাব । সমগ্ৰ দলঙখনত নাই কোনো পোহৰৰ ব্যৱস্থা লগতে মাজত নাপাব কোনো নিৰাপত্তা ৰক্ষি ।
১৯৮১ চনত স্থলপথ ৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী ৰ অধীনত ভাৰত চৰকাৰে এই দলঙৰ নিৰ্মাণ আৰম্ভ কৰিছিল ।পৰবৰ্তী সময়ত সুদীৰ্ঘ৭ বছৰত ১৯৮৭ চনৰ ১৪ এপ্ৰিল তাৰিখে অৰ্থাৎ বহাগ বিহুৰ উপহাৰ হিচাবে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী য়ে শুভ উদ্বোধন কৰা এই দলং খনৰ মাজত নাই কোনো পোহৰৰ ব্যৱস্থা । নিয়নন লাইটৰ পোষ্ট সমূহ আছে কিন্তু পোহৰ নাই । সুৰক্ষা ব্যৱস্থাৰ ঘৰ সমূহ জৰাজীৰ্ণ যদিও আছে ,কিন্তু সুৰক্ষা প্ৰদান কৰা লোক নাই ।
প্ৰায় ৩.০৫ কিলোমিটাৰ দৈঘৰ এই দলঙৰ মাজত পূৰ্বে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে ।
ইয়াৰ কাষতে নিৰ্মাণ চলি আছে দ্বিতীয় খন বৃহৎ দলং গেমন ইণ্ডিয়া কোম্পানীৰ অধীনত নিৰ্মাণ চলি থকা এই দলঙৰ ২০২১ ত সমাপ্তি হব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ।

Conclusion:কিন্ত এই দলঙৰ ওপৰৰ পৰা পোহৰৰ উৎস প্ৰদান নাকৰাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । কি কাৰণ থাকিব পাৰে । অসম চৰকাৰে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক কি নিৰ্দেশনা দিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব ।
End. PTC ।

প্ৰণৱ কুমাৰ দাস।
তেজপুৰ ।
১০/২/২০২০/

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.