তেজপুৰ, 5 জানুৱাৰী: তেজপুৰত দেওবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ তেজপুৰস্থিত কলীয়া ভোমোৰা দলং অতিক্ৰম কৰাৰ পিচতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনাত নিহত হয়, তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী অঞ্জলি ৰায় ৷
উল্লেখ্য যে, নিহত ছাত্ৰী গৰাকী আছিল এন,চি.চিৰ কেডেট ৷ আজি পুৱা চাইকেলেৰে কাজিৰঙালৈ গৈছিল এন.চি.চিৰ এটা দল ৷ ঘন কুঁৱলীৰ ফলত এখন বলেৰ' পিক আপ বাহনৰ খুন্দাত অঞ্জলী নিহত হোৱাৰ লগতে খুছবু ৰায় আৰু প্ৰিয়ংকা ৰায় নামৰ আন দুগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ আহত ছাত্ৰী দুগৰাকীক ততাতৈয়াকৈ লৈ যোৱা হয় চিকিৎসালয়লৈ ৷
আনহাতে শনিবাৰে নিশা তেজপুৰৰে মুঢ়াতেতেলিত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাগ্ৰস্ত হয় এখন স্কুটি আৰু এখন বাইক ৷ এই দুৰ্ঘটনাত এগৰাকী লোক নিহত হোৱাৰ লগতে, পথাচাৰীসহ আহত হয় দুগৰাকীকৈ লোক ৷ নিহত লোকজন বাম পৰ্বতীয়াৰ পল্লৱ শইকীয়া বুলি জানিব পৰা গৈছে ৷ আহত লোক কেইগৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ ৷
লগতে পঢ়ক: নগৰবেৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 6