ETV Bharat / state

অৰুণাচল প্ৰদেশৰ লংডিঙত দুজন NSCN সদস্যৰ আত্মসমৰ্পণ - আৰ্মড ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট

অৰুণাচল প্ৰদেশৰ লংডিঙত এনএছচিএনৰ দুটা গোটৰ দুই দুধৰ্ষ সদস্যই বুধবাৰে আত্মসমৰ্পণ কৰে । অসম ৰাইফলছৰ সেনাৰ ওচৰত দুই দুধৰ্ষ সদস্যই কৰিলে আত্মসমৰ্পণ ৷

two NSCN extrimist surrenders infront of Assam rifles in Arunachal
অৰুণাচল প্ৰদেশৰ লংডিঙত দুইজন এনএছচিএন সদস্যৰ আত্মসমৰ্পণ
author img

By

Published : Jul 22, 2021, 2:14 PM IST

তেজপুৰ, ২২ জুলাই : বুধবাৰে অৰুণাচল প্ৰদেশৰ লংডিঙত নেচনেল চ’চিলিষ্ট কাউন্সিল অৱ নাগালেণ্ড(কে)(National Socialist Council of Nagaland(K) আৰু NSCN-K (YA) & NSCN K-2 গোটৰ দুজন দুৰ্ধৰ্ষ সদস্যই আত্মসমৰ্পণ কৰে । অসম ৰাইফলছ(Assam rifles)ৰ লংডিঙৰ সেনাৰ ওচৰত এই দুই গোটৰ সদস্যই আত্মসমৰ্পণ কৰে ৷ পাহাৰীয়া ৰাজ্যখনত এইদৰে দুৰ্ধৰ্ষ সদস্য দুগৰাকীয়ে আত্মসমৰ্পণ কৰাৰ তথ্য সদৰী কৰিছে অসম ৰাইফলছৰ মুখপাত্ৰই ।

উল্লেখ্য যে, জিলাখনত বিগত বৰ্ষত অসম ৰাইফলছৰ সেনা বাহিনীৰ লগত এই দুই উগ্ৰপন্থী গোটৰ গুলিয়াগুলীৰ(gunfire) ঘটনা সংঘটিত হৈছিল ৷ তাৰ পিছত জিলাখনত তীব্ৰতৰ কৰি তোলা হৈছিল উগ্ৰপন্থী বিৰোধী অভিযান । এনএচচিএন খাপলাং গোটে বৰ্তমানো যথেষ্ট পৰিমাণে শক্তিশালী ৰূপত কাম কৰি আছে । যি সময়ত এনএছচিএনৰ মুইভা গোটে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ(union home ministry) নেতৃত্বত এক আলোচনাত মিলিত হৈছে সেই একে সময়তে আনটো গোটে বিভিন্ন কূটাঘাটত মূলক কাৰ্য সাধনৰ কৰি আছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ।

আনহাতে, গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ মতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য অসম, নাগালেণ্ড আৰু মণিপুৰৰ উপৰিও অৰুণাচল প্ৰদেশৰ তিনিখন জিলা টিৰাপ, চাংলাং আৰু লংডিঙত পুনৰ ৬ মাহৰ বাবে অৰ্থাৎ ডিচেম্বৰ মাহৰ ৩১ তাৰিখলৈকে আৰ্মড ফ’ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট(AFSPA) প্ৰৱৰ্তন কৰা হৈছে ।
লগতে পঢ়ক : আত্মসমৰ্পণৰ সম্ভাৱনা এন এল এফ বিৰ মুৰব্বী এম বাথাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.