ৰঙাপৰা, 9 জুলাই : এজনী আঘাতপ্ৰাপ্ত বনৰীয়া হাতী ৷ দুৰ্বৃত্তৰ আক্ৰমণত সোঁ ভৰিত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল হাতীজনী ৷ যাৰ বাবে বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আঘাত প্ৰাপ্ত মাইকী হাতীজনীয়ে বিষৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি সোঁভৰিখন মাটিত চোঁচৰাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিল (Wild elephant was roaming injured in Chariduar) ।
জানিব পৰা মতে, বিগত 28 জুনত চাৰিদুৱাৰৰ মোলান গাঁৱত এই হাতীজনীৰ আক্ৰমণত মৃত্যু হৈছিল এজনী বৃদ্ধাৰ(Wild Elephant attacked and killed an elderly woman) ৷ বনৰীয়া হাতীজনীৰ এই অৱস্থা প্ৰত্যক্ষ কৰি প্ৰকৃতিপ্ৰেমী দিলীপ নাথ আৰু সাংবাদিক পংকজ নাথে খবৰ দিয়ে বন বিভাগক ৷ এই খবৰ লাভ কৰি বন বিভাগৰ মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম যাদৱৰ তৎপৰতাত শনিবাৰে সেই স্থানত উপস্থিত হয় গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ শংকৰ শৰ্মাৰ নেতৃত্বত এটা চিকিৎসকৰ দল ৷
পাকে অভয়াৰণ্যৰ চিকিৎসক ডাঃ প্ৰাণজিৎ বসুমতাৰীৰ সহযোগ কৰে আমাৰাবাৰী-চাৰিদুৱাৰ বনকৰ্মীসকলৰ উপস্থিতিত ৰাজ্যিক চিৰিয়াখানাৰ চিকিৎসকৰ দলটোৱে আঘাপ্ৰাপ্ত বনৰীয়া হাতীজনীক ট্ৰেংকুলাইজ কৰাৰ বাবে চেষ্টা চলায় ৷ কিন্তু এই ক্ষেত্ৰত চিকিৎসকৰ দলটোৱে দুবাৰ চেষ্টা কৰিও বিফল হয় ।
পৰৱৰ্তী সময়ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মৰমৰ হাতী ৰামুক ঘটনাস্থলীলৈ অনা হয় ৷ ৰামুৰ সহযোগত বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ ঘন হাবিৰ মাজত আশ্ৰয় লৈ থকা অসুস্থ বনৰীয়া হাতীজনীক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় চিকিৎসকৰ দলটোৱে ৷
তাৰ পাচত অসুস্থ বনৰীয়া হাতীজনীক চিকিৎসা প্ৰদান কৰে চিকিৎসকৰ দলটোৱে (Injured wild elephant gets treatment) ৷ জানিব পৰা মতে, পূৰ্বতকৈ বনৰীয়া হাতীজনীৰ স্বাস্থ্য কিছু উন্নত হৈছে ৷
লগতে পঢ়ক : নলবাৰীৰ ১ নং জয়সাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন