ETV Bharat / state

Bura Chapori Eviction : বুঢ়া চাপৰি উচ্ছেদ অভিযানৰ প্ৰথমটো দিনত ৬৯১ টা বাসগৃহ উচ্ছেদ - Tezpur MLA Prithiraj Rava

শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত মঙলবাৰৰ পৰা আৰম্ভ হ’ল উচ্ছেদ অভিযান (Bura Chapori Eviction)৷ প্ৰথমটো দিনতে বেদখলমুক্ত কৰা হ’ল 682 হেক্টৰ ভূমি ৷ মুঠ ১৮৯২ হেক্টৰ বেদখলীকৃত ভূমিত চলিব উচ্ছেদ অভিযান ৷

Bura Chapori Eviction
বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান
author img

By

Published : Feb 14, 2023, 9:46 PM IST

বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান

তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : মঙলবাৰৰ পৰা আৰম্ভ হৈছে শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত (Bura Chapori Wildlife Sanctuary) উচ্ছেদ অভিযান ৷ এই উচ্ছেদ অভিযানৰ বাবে নিয়োগ কৰা হৈছে আৰক্ষী, বন বিভাগ আৰু চি আৰ পি এফ বাহিনী ৷ এই উচ্ছেদ ৰাজ্যৰ সকলোতকৈ বৃহৎ উচ্ছেদ অভিযান বুলিও অভিহিত হৈছে ৷

মঙলবাৰে প্ৰথম দিনা শোণিতপুৰ জিলা প্ৰশাসন বন বিভাগৰ যৌথ অভিযানত ৬৬২ হেক্টৰ ভূমি বেদখল ভূমি উচ্ছেদ কৰা হয় ৷ মুঠ ১৭০০ আৰক্ষী, সুৰক্ষা বাহিনীৰ লোক, শোণিতপুৰ জিলা প্ৰশাসনৰ উপস্থিতত বুঢ়া চাপৰিৰ প্ৰায় ১৮৯২ হেক্টৰ বেদখলীকৃত ভূমিৰ ২৫১৩ টা ঘৰ, ১১,৬১০ জন লোকক উচ্ছেদ কৰা হ’ব ৷ শান্তিপূৰ্ণভাৱে চলা এই উচ্ছেদ অভিযানত প্ৰথম দিনা লংকে তাপু, বেটনি আৰু কমালাগড়ত ৬৮২ হেক্টৰ ভূমি (৫১৩০ বিঘা) উচ্ছেদ কৰা হয় (Tezpur Sonitpur Burha Chapori Eviction)৷

লংকে তাপুত ৬৩০ হেক্টৰ ভূমি, ৫৬৩ টা ঘৰ, ২৪৪৪ জন লোক আৰু বেটনিত ৭৬ টা ঘৰ, ৩০৪ টা পৰিয়াল আৰু কমলাগড়ত ৫২ ঘৰ উচ্ছেদ কৰা হয় বুলি জানিবলৈ দিয়ে প্ৰশাসনৰ তৰফৰ পৰা । মুঠ তিনিদিন ধৰি চলিব এই উচ্ছেদ অভিযান ৷ উচ্ছেদ অভিযানৰ প্ৰথম দিনটোত ব্যৱহাৰ কৰা হয় মুঠ 50 খন এক্সেভেটৰ, 50 খন ট্ৰেক্টৰ ৷ শোণিতপুৰ জিলাৰ উপায়ুক্তই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, এই বেদখলীকৃত ভূমিত স্থাপন হোৱা বিদ্যালয় গৃহসমূহ উচ্ছেদ কৰা হোৱা নাই ৷ উক্ত বিদ্যালয়সমূহ অন্য বিদ্যালয়ৰ লগত সংযুক্ত নকৰালৈকে উচ্ছেদ কৰা নহয় বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, তেজপুৰ সদৰ ৰাজহ চক্ৰৰ (Tezpur Revenue Circle) অন্তৰ্গত বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য অঞ্চলত বসবাস কৰা লোকসকলে প্ৰায় ১০,০০০ বিঘাৰো অধিক ভূমি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে দখল কৰি আহিছিল ৷ এই তথ্য সদৰী কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ উপায়ুক্তগৰাকীয়ে জনায় যে, চৰকাৰে সংৰক্ষিত বনাঞ্চলখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত হোৱাৰ পাচত বৰ্তমান বন্যপ্ৰাণী সংৰক্ষণৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি আহিছে ৷

বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলৰ লগতে লাওখোৱা সংৰক্ষিত বনাঞ্চলতো (Laokhowa Wildlife Sanctuary) বেদখল কৰা হৈছে যদিও সেয়া নগাঁও জিলাৰ অন্তৰ্গত (Encroachment at Laokhowa) ৷ শোণিতপুৰ জিলাৰ অন্তৰ্গত অঞ্চলত বৰ্তমান চৰকাৰে বেদখলমুক্ত কৰি তাত নতুনকৈ গছপুলি ৰোপণ কৰাৰ লগতে বনাঞ্চলখনৰ জৈৱ বৈচিত্ৰ ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ অভয়াৰণ্যখন ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষণা কৰাৰ পৰাই শোণিতপুৰ জিলাৰ বন বিভাগৰ অধীনত আছিল ৷

পৰৱৰ্তী সময়ত ১৯৯৫ চনৰ ১১ জুলাইত এক গেজেট নটিফিকেচন জৰিয়তে লাওখোৱা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাবে ঘোষণা কৰা হয় ৷ কিন্তু ২০১৩ চনৰ ১১ নৱেম্বৰত বন বিভাগে দিয়া আন এক নিৰ্দেশনাৰ জৰিয়তে নগাঁও জিলা বন্যপ্ৰাণী মণ্ডলৰ অধীনলৈ যায় ৷ কিন্তু এই সমগ্ৰ অঞ্চলটো শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ মহকুমাৰ অন্তৰ্গত তেজপুৰ ৰাজহ চক্ৰৰ অধীনত আৰু তেজপুৰ বিধানসভা অন্তৰ্গত ৷ উক্ত ঠাইত অবৈধভাৱে বসতি স্থাপন কৰা লোকৰ সংখ্যা বহুখিনি বৃদ্ধি হৈছিল ৷

উল্লেখযোগ্য যে, ইয়াৰ সংলগ্ন বনগাঁৱৰ গৰু ম'হৰ খুটি আৰু খেতিয়কে চাপৰি অঞ্চলত যুগ-যুগ ধৰি বিভিন্ন খেতি কৰি আহিছে আৰু চাৰিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰি আহিছে । এই বিষয়ে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই (Tezpur MLA Prithiraj Rava) বিগত বিধানসভাত বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে । কাৰণ মাত্ৰ ৰাজনৈতিক অভিসন্ধিৰ বাবেই শোণিতপুৰ বন সংমণ্ডলৰ পৰা নি নগাওঁ বন সংমণ্ডলৰ অধীনলৈ নিয়া হৈছিল বুলি ৰাভাই মুখ্যমন্ত্ৰীক অৱগত কৰে আৰু ইয়াক পুনৰ শোণিতপুৰ জিলাৰ অধীনত আনি সকলো কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ বাবে আহ্বান জনাইছিল ৷ বৰ্তমান এই অঞ্চলসমূহত সম্পূৰ্ণ বেদখলৰ কৱলত আছে ৷

লগতে পঢ়ক: Bura Chapori Eviction: তেজপুৰৰ বুঢ়া চাপৰিত শান্তিপূৰ্ণভাৱে অব্যাহত আছে উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.