ETV Bharat / state

Torgya festival celebrated: অৰুণাচলৰ টাৱাং বৌদ্ধ মঠত টৰ্গিয়া উৎসৱ উদযাপন - টাৱাং মঠত টৰ্গিয়া উৎসৱ উদযাপন

টাৱাং মঠত উদযাপন কৰা হৈছে ঐতিহাসিক টৰ্গিয়া উৎসৱ । মনপা জনগোষ্ঠীয়ে লামা চংখাপাক শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰতিবছৰে উদযাপন কৰি আহিছে এই উৎসৱ (Torgya festival at Tawang)। এইবাৰৰ টৰ্গিয়া উৎসৱত অংশগ্ৰহণ কৰে ভাৰতীয় সেনাই ।

Torgya festival celebrated at Tawang Monastery
টাৱাং মঠত উদযাপন কৰা হৈছে ঐতিহাসিক টৰ্গিয়া উৎসৱ
author img

By

Published : Jan 23, 2023, 9:46 PM IST

তেজপুৰ,২৩ জানুৱাৰী: পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ টাৱাং বৌদ্ধ মঠত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় মনপা জনগোষ্ঠীৰ মঠৰ উৎসৱ । একাদশ চন্দ্ৰ মাহৰ অষ্টবিংশ তাৰিখৰ পৰা আৰম্ভ হয় মনপা জনগোষ্ঠীৰ টৰ্গিয়া উৎসৱ (Torgya festival celebrated at Tawang Monastery) । এইবাৰ ২০ ৰ পৰা ২৩ জানুৱাৰীলৈ উদযাপন কৰা হৈছে এই ধৰ্মীয় অনুষ্ঠানটি ।

Torgya festival celebrated at Tawang Monastery
টাৱাং মঠত টৰ্গিয়া উৎসৱ

টাৱাং বৌদ্ধ মঠৰ মনপা জনগোষ্ঠীয়ে লামা চংখাপাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু ৰোগ, দুৰ্ভাগ্য আৰু প্ৰাকৃতিক দুৰ্যোগৰ সূচনা কৰা দুষ্ট আত্মাক খেদি পঠিয়াবলৈ টৰ্গিয়া উৎসৱ পালন কৰে (Torgya festival Celebrated by the Monpa Tribe) । এই উৎসৱৰ উদ্দেশ্য হৈছে মঠৰ লামাসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি যোদ্ধা অৰ্পুৰ চাম নৃত্য পৰিৱেশন কৰা । লামাসকলে বিভিন্ন সাজ-পোছাক আৰু ভিন্ন মুখা পৰিধান কৰি চাম নৃত্য পৰিৱেশন কৰি তিনিদিনীয়াকৈ অনুষ্ঠিত টৰ্গিয়া উৎসৱটি অধিক মোহনীয় কৰি তোলে ।

চাম নৃত্য পৰিৱেশনৰ সময়ত তেওঁলোকে ঢোল আৰু জংঘলৰ সৈতে কিছুমান আত্মাস্পৰ্শী সংগীতত পৰিৱেশন কৰে । এইবাৰ টাৱাং মঠৰ গ্যালচি ৰিনপোচেইৰ আমন্ত্ৰণত ভাৰতীয় সেনায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে (Indian Army participates in Torgia festival) । অসামৰিক প্ৰশাসন, মঠ প্ৰশাসন আৰু সেনাবাহিনীৰ মাজত থকা সম্পৰ্ক স্পষ্ট হৈ পৰিছিল এই তিনিদিনীয়া অনুষ্ঠানটিত । এই অনুষ্ঠানত স্থানীয় বিধায়ক আৰু টাৱাঙৰ অসংখ্য় জনতাৰ লগতে বহু গণ্যমান্য ব্যক্তিয়ে শোভা বৰ্ধন কৰে ।

ভাৰতীয় সেনাই মঠটোলৈ বিভিন্ন মূল্যবান উপহাৰ আৰু কাপোৰ তথা বিভিন্ন সামগ্ৰী দান কৰি ভাৰতীয় সীমান্ত আৰু নিজৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে । পাৰস্পৰিকভাৱে টাৱাঙৰ স্থানীয় লোকসকলে ভাৰতীয় সেনাবাহিনীক নিঃচৰ্ত সমৰ্থন জনোৱাৰ কথা পুনৰ দৃঢ়তাৰে উল্লেখ কৰে । অৰুণাচল প্ৰদেশৰ মনপা জনজাতি সম্প্ৰদায়ৰ তিনিদিনীয়া টৰ্গিয়া উৎসৱ অৰুণাচল প্ৰদেশৰ টাৱাং মঠত উদযাপন কৰা হয় ।

এই উৎসৱৰ মূল আকৰ্ষণ হৈছে ‘শ্বা-না চাম’, যিটো সন্ন্যাসীয়ে চো-গিয়াল য়াপ এণ্ড ইউম ছা-মুণ্ডে দেৱতাক প্ৰদৰ্শন কৰিবলৈ কৰা আচাৰ-ব্যৱহাৰৰ এক নৃত্য । অৰুণাচল প্ৰদেশত প্ৰতি বছৰে চন্দ্ৰ পঞ্জিকাৰ অৰ্থাৎ Lunar Calender অনুসৰি জানুৱাৰী মাহৰ ১১ ৰ পৰা ২৮ তাৰিখে উৎসৱ পালন কৰা হয় । উল্লেখ্য যে, টাৱাং মঠৰো আছে বহু গৰিমা । অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ টাৱাং চহৰত অৱস্থিত টাৱাং মঠ হৈছে ভাৰতৰ সৰ্ববৃহৎ মঠ (Tawang Monastery in Arunachal Pradesh) । ই টাৱাং চু উপত্যকাত অৱস্থিত, অৰুণাচল প্ৰদেশৰ উত্তৰ-পশ্চিম অংশত টাৱাং চহৰৰ ওচৰত, চীনা আৰু ভূটানৰ সীমান্তৰ সমীপত এই মঠ স্থাপিত ।

টাৱাং মঠক তিব্বতী ভাষাত গাডেন নামগিয়াল লাটছে বুলি জনা যায় । যাৰ অৰ্থ হৈছে "সম্পূৰ্ণ বিজয়ৰ ঐশ্বৰিক স্বৰ্গ।" ইয়াক ১৬৮০-১৬৮১ চনত মেৰাক লামা লোদ্ৰে গিয়াটচোৱে পঞ্চম দালাই লামা, নগাৱাং লোবচাং গিয়াটচোৰ ইচ্ছা অনুসৰি প্ৰতিষ্ঠা কৰা হৈছিল । ই ভাজৰায়ণ বৌদ্ধ ধৰ্মৰ গেলাগ বিদ্যালয়ৰ অন্তৰ্গত আৰু লাছাৰ ড্ৰেপুং মঠৰ সৈতে ইয়াৰ ধৰ্মীয় সম্পৰ্ক আছিল ।

লগতে পঢ়ক: Vulture death in Sivsagar: হৃদয়বিদাৰক ! বিষক্ৰিয়া হৈ শিৱসাগৰত একেলগে 25 টা শগুনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.