বিশ্বনাথ ৪ জানুৱাৰী : বিশ্বনাথ জিলাৰ গহপুৰত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সদৌ মিচিং ছাত্ৰ সন্থাৰ দশম ত্ৰি-বাৰ্ষিক অধিবেশন (10th triennial conference at Gohpur)৷ বিশ্বনাথ জিলাৰ গহপুৰৰ ৰজাবাৰীৰ মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ TMPK ৰ অবিভক্ত শোণিতপুৰ জিলা কমিটীৰ দশম ত্ৰি- বাৰ্ষিক অধিবেশন খনৰ আজি অন্তিমটো দিন ।
৩,৪ আৰু ৫ জানুৱাৰীত তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পাছতেই দ্বিতীয় দিনাৰ প্ৰতিনিধি সভা আৰম্ভ হয় ।
আনফালে, মুকলি মঞ্চত বিভিন্ন জনজাতীয় নৃত্য গীতেৰে মুখৰিত হৈ পৰে অনুষ্ঠানৰ পৰিবেশ । হাজাৰ হাজাৰ লোকৰ সমাগমেৰে মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এক উদুলি মুদুলি পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয় ।
লগতে পঢ়ক : তিনিটাকৈ মিচিং সংগঠনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন