ETV Bharat / state

শোণিতপুৰ আৰু বিশ্বনাথ জিলাত টিটেনাচ প্লাছ টীকাকৰণ অভিযান - টিতেনাচ টক্সইড টীকা

শোণিতপুৰ আৰু বিশ্বনাথ জিলাক সামৰি বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন সাপেক্ষে টিটেনাচ প্লাছ টীকাকৰণ অভিযান আৰম্ভ ৷ জিলাৰ মুঠ ৭৯০৭৩ টি শিশুক ১৮৭৬টা টীকাকৰণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰাপ্ত এ এন এমৰ দ্বাৰা টীকা প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰিছে স্বাস্থ্য বিভাগে ৷

Titenas Plus Immunization Campaign
১৪ ডিচেম্বৰৰ পৰা শোণিতপুৰ আৰু বিশ্বনাথ জিলাত টিতেনাচ প্লাচ টীকাকৰণ অভিযান
author img

By

Published : Dec 14, 2020, 10:23 PM IST

তেজপুৰ, ১৪ ডিচেম্বৰ : বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন সাপেক্ষে ভাৰত চৰকাৰে অসমত আৰম্ভ কৰিছে টিটেনাচ প্লাচ টীকাকৰণ অভিযান ৷ ১০ বছৰৰ শিশুৰ পৰা ১৬ বছৰলৈকে আৰু গৰ্ভৱতী মহিলাক আগতে প্ৰদান কৰি থকা TT অৰ্থাৎ টিটেনাচ টক্সিড টীকাৰ পৰিৱৰ্তে TD অৰ্থাৎ টিটেনাচৰ লগত সংযোজন কৰা ডিপথেৰিয়াৰ টীকাকৰণ ২০১৮ চনৰ আগষ্ট মাহৰ পৰা কাৰ্যকৰী কৰণ কৰিছে যদিও তাৰ পাচৰ বছৰৰ পৰাহে অসমত প্ৰদান কৰা হৈছে ৷

Titenas Plus Immunization Campaign
১৪ ডিচেম্বৰৰ পৰা শোণিতপুৰ আৰু বিশ্বনাথ জিলাত টিতেনাচ প্লাচ টীকাকৰণ অভিযান

অসমত ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা নিয়মীয়া টীকাকৰণ আঁচনিত এই টীকা প্ৰদান কৰি অহা হৈছে যদিও ১৪ ডিচেম্বৰৰ পৰা পুনৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত আৰম্ভ হৈছে টিটেনাচ প্লাছ টীকাকৰণ অভিযান ৷

উল্লেখ্য যে, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ মুঠ ৭৯০৭৩ টি শিশুক ১৮৭৬টা টীকাকৰণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰাপ্ত এ এন এমৰ দ্বাৰা টীকা প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি স্বাস্থ্য বিভাগে জানিব দিয়ে ৷ ২০ দিনীয়া এই টীকাকৰণ অভিযানত ৩৬৭০ গৰাকী আশা কৰ্মী আৰু অংগনাবাদী কৰ্মীৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ ভালে সংখ্যক চিকিৎসা কৰ্মী জৰিত হৈ থাকিব বুলিও উল্লেখ কৰে ৷

লগতে পঢ়ক: শিক্ষকে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগত প্ৰতিবাদত বহিল শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.