ETV Bharat / state

চিয়াং নদীত সন্ধানহীন অসমৰ তিনি যুৱক

অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ বিখ্যাত সংগম দলংখন উটি যোৱাৰ ফলতে সন্ধানহীন হৈছে অসমৰ তিনিজন যুৱক ৷ বৰ্তমানলৈকে উদ্ধাৰ হোৱা সন্ধানহীন হোৱা যুৱক কেইজন ৷

three-youths-from-assam-missing-in-chiang-river
চিয়াং নদীত সন্ধানহীন অসমৰ তিনি যুৱক
author img

By

Published : Jun 29, 2021, 10:53 PM IST

তেজপুৰ,29 জুন : ক'ভিড ভয়াৱহতাৰ মাজতে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা ৷ মঙলবাৰে পুৱাই ভূমিস্খলনৰ ফলত অৰুণাচল প্ৰদেশৰ বিখ্যাত সংগম দলংখন খহি পৰাৰ পিছত চিয়াং নদীত সন্ধানহীন হৈছে অসমৰ তিনিজন যুৱক ৷ এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অৰুণাচল প্ৰদেশত ৷

যুৱক কেইজনৰ সন্ধানত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ৷ মঙলবাৰে পুৱাই চিয়াং জিলাৰ পাংগিনৰ চিয়াম নদীৰ ওপৰতল থকা সংগম দলংখন শেহতীয়া ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ উটি যায় ৷ উক্ত সময়তে দলং খনৰ ওপৰত থকা এখন শিলভৰ্তি দহচকীয়া ডাম্পাৰ সহ তিনিজন যুৱক চিয়াম নদীৰ বুকুত সন্ধানহীন হৈ পৰে ৷

চিয়াং নদীত সন্ধানহীন অসমৰ তিনি যুৱক

সন্ধানহীন হোৱা যুৱক কেইজন ৰাহুল তামাং(22) ৰঞ্জিত সূত্ৰধাৰ(21) আৰু মিটিংগো বড়ো বুলি জানিব পৰা গৈছে ৷ চৰকাৰী তথ্য অনুসৰি পাছিঘাটৰ পৰা অহা এটা উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে যদিও উদ্ধাৰ কৰিব পৰা নাই যুৱক কেইজনক ৷ প্ৰাপ্ত খবৰ অনুসৰি, সংগম দলং খন খহি পৰাৰ লগে লগে চীনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংযোগী উজনি চিয়াং জিলা সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৷

কিয়নো উজনি চিয়াং জিলাৰা বাবে এই সলংখনেই আছিল যোগাযোগৰ একমাত্ৰ মাধ্যম ৷ এয়া হৈছে সংগম দলংখনৰ দ্বিতীয়টো ডাঙৰ ঘটনা ৷ ইয়াৰ পূৰ্বে 2020 চনৰ চিয়াং নদীৰ বানৰ ফলত উটি গৈছিল দলংখন ৷

লগতে পঢ়কঃ সভাপতি হিচাপে অন্তিমখন কাৰ্যনিৰ্বাহক সভাত অংশ ৰণজিৎ কুমাৰ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.