ETV Bharat / state

চাৰিদুৱাৰত চালান বিহীন ভাৱে শিল কঢ়িওৱা তিনিখন বাহন জব্দ

চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন সুৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে জব্দ কৰে তিনিখনকৈ শিল কঢ়িওৱা বাহন ৷ ক্ৰেচাৰৰ পৰা অবৈধ ভাৱে ৰাজহ ফাঁকি দি শিল কঢ়িয়াই অনা দুখন ডাম্পাৰ আৰু এখন ট্ৰেক্টৰ জব্দ কৰে জিলা বন বিভাগে ৷

Three vehicles carrying uninvoiced stones seized by chariduwar forest department
চালান বিহীন ভাৱে শিল কঢ়িওৱা তিনিখন বাহন জব্দ চাৰিদুৱাৰ বন বিভাগৰ
author img

By

Published : Dec 25, 2020, 8:49 AM IST

ৰঙাপৰা, 25 ডিচেম্বৰ : শোণিতপুৰৰ চাৰিদুৱাৰত জব্দ তিনিখনকৈ শিল কঢ়িওৱা বাহন ৷ বন বিভাগক ৰাজহ ফাঁকি দি অবৈধ ভাৱে ক্ৰেচাৰৰ পৰা শিল কঢ়িয়াই অনা তিনিখনকৈ বাহন জব্দ কৰে বন বিভাগে ৷ বৃহস্পতিবাৰে দিনৰ ভাগতে চাৰিদুৱাৰ অঞ্চলৰ পৰা তেজপুৰ অভিমুখে গৈ থকা দুখন ডাম্পাৰ আৰু এখন ট্ৰেক্টৰ জিলা বন বিভাগে জব্দ কৰে ৷

Three vehicles carrying uninvoiced stones seized by chariduwar forest department
চালান বিহীন ভাৱে শিল কঢ়িওৱা তিনিখন বাহন জব্দ চাৰিদুৱাৰ বন বিভাগৰ

জব্দকৃত বাহন কেইখনৰ নন্বৰ ক্ৰমে, AS-01 AC-9396, AS-12 AC-7090 আৰু AS-12 A-9972 ৷ জিলাখনৰ বন সুৰক্ষা বাহিনী আৰু চাৰিদুৱাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মীসকলে অভিযান চলাই সন্দেহৰ ভিত্তিত গাড়ী তিনিখন ৰখাই যাৱতীয় নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছত শিল কঢ়িয়াই অনাৰ কোনো নথি-পত্ৰ নোপোৱাত গাড়ী কেইখন জব্দ কৰে ৷

লগতে পঢ়ক: ড্ৰাগছৰ অবাধ ঘাটিলৈ ৰূপান্তৰিত হৈছে বৰপেটাঃ বৰপেটা আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.